নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক প্রত্যর্পণ কৰিব আলফাৰ একালৰ সভাপতি ডাঃ মুকুল হাজৰিকাক

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ  ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসম৷ এটা বহুচর্চিত নাম৷ সমান্তৰালভাৱে বিগত সময়ছোৱাত লণ্ডনৰ এই চিকিৎসকজনক লৈ আৰক্ষী–চোৰাংচোৱাৰ লগতে ৰাজ্যবাসীৰ মাজত সৃষ্টি হৈছিল ৰহস্যৰো৷ কিয়নো এই ব্যক্তিজনে কিছুদিন আগলৈকে আলফা (স্বাধীন)ৰ সভাপতিৰ দায়িত্বত থকাটো নিশ্চিত হৈছিল৷ অৱশ্যে অতি শেহতীয়াকৈ আলফা (স্বাধীন)ৰ সাংগঠনিক সালসলনি ঘটাই সর্বোচ্চ পৰিষদৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱা পৰেশ বৰুৱাই ডাঃ অভিজিৎ অসমক এটা কাল্পনিক চৰিত্র আখ্যা দিছে৷ ইয়াৰ পাছতো কিন্তু ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমক লৈ ৰহস্যৰ ওৰ পৰা নাই৷ তাৰ মাজতে আলফা (স্বাধীন)ৰ একালৰ সভাপতি ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমক যিকোনো মুহূর্ততে গ্রেট ব্রিটেইনে ভাৰত চৰকাৰক প্রত্যর্পণ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

মূলতঃ নতুন দিল্লীৰ অনুৰোধক্রমে গ্রেট ব্রিটেইন চৰকাৰে এইক্ষেত্রত আৰম্ভ কৰিছে বিশেষ তৎপৰতা৷ কর্মসূত্রে দীর্ঘদিন ধৰি লণ্ডনত বসবাস তথা গ্রেট ব্রিটেইনৰ নাগৰিকত্ব গ্রহণ কৰা ডাঃ মুকুল হাজৰিকা ওৰফে অভিজিৎ অসমক ইতিমধ্যে বিগত কেইবামাহো বিদেশী ৰাষ্ট্রখনৰ একাধিক সংস্থাই সোধা–পোছা কৰিছে৷ এক শীর্ষস্থানীয় সূত্রই দাবী কৰা অনুসৰি গ্রেট ব্রিটেইনত আইনী প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে আলফা (স্বাধীন)ৰ একালৰ সভাপতিজনক ভাৰতলৈ প্রত্যর্পণ কৰাটো নিশ্চিত৷

উল্লেখ্য যে ভাৰত আৰু গ্রেট ব্রিটেইনৰ মাজত ১৯৯২ চনত প্রত্যর্পণ চুক্তি সম্পন্ন হৈছিল৷ সেই ফালৰ পৰা উভয় দেশৰ মাজত কোনো লোকক প্রত্যর্পণ কৰাৰ ক্ষেত্রত বিশেষ জটিলতা নাই৷ কিন্তু ডাঃ মুকুল হাজৰিকা ওৰফে অভিজিৎ অসমৰ প্রত্যর্পণৰ বিষয়টোক লৈ চর্চা চলি থকাৰ সময়তে লণ্ডনৰ এখন আদালতত দাখিল কৰা হৈছে এখন আবেদন৷ চিকিৎসকজনৰ অধিবক্তাই দাখিল কৰা আবেদনখনত তেওঁৰ প্রত্যর্পণৰ বিৰোধিতা কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্রম সম্পন্ন কৰাৰ পাছতে কলিয়াবৰৰ ডাঃ মুকুল হাজৰিকাই লণ্ডনলৈ গৈছিল৷ পৰৱর্তী সময়ত তাতেই তেওঁ স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু গ্রেট ব্রিটেইনৰ নাগৰিকত্ব গ্রহণ কৰে৷ লণ্ডনত থাকিয়েই তেওঁ ইউৰোপৰ বিভিন্ন আন্তর্জাতিক মঞ্চত আলফাৰ দাবীসমূহৰ সপক্ষে যুক্তি তুলি ধৰিছিল৷

১৯৯৫ চনত ৬–১২ মার্চত কোপেনহেগেনত ৰাষ্ট্রসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত ‘ৱর্ল্ড ছাম্মিট ফৰ ছ’চিয়েল ডেভেলপমেণ্ট’ শীর্ষক সন্মিলনখনত তেওঁ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ সৈতে অংশগ্রহণ কৰে৷ এজন মানৱ অধিকাৰ কর্মী হিচাপে এনেদৰে বিভিন্ন আন্তর্জাতিক মঞ্চত আলফাৰ হৈ যুক্তি প্রদর্শন কৰি আহিলেও ডাঃ মুকুল হাজৰিকা আৰু সশস্ত্র সংগঠনটোৰ মাজত থকা সম্পর্ক জনমানসত স্পষ্ট হোৱা নাছিল৷ কিন্তু আলফাত বিভাজন ঘটাৰ পাছত তেওঁ প্রথমে ভাৰপ্রাপ্ত সভাপতি আৰু পাছত স্থায়ী সভাপতিৰ দায়িত্ব দিয়া হয় আৰু পৰিচয় দিয়ে ডাঃ অভিজিৎ অসম ৰূপে৷ ইতিপূর্বে প্রচাৰিত বাতৰি অনুসৰি ২০১৬ চনত তেওঁ ম্যানমাৰৰ টাগাস্থিত আলফা (স্বাধীন)ৰ কাউন্সিল ম’বাইল হেড কোৱার্টাৰত উপস্থিত হৈ সশস্ত্র সংগঠনটোৰ কেডাৰসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল৷ সেই বৈঠকখনত ভাষণৰত ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমৰ আলোকচিত্র প্রকাশ পাইছিল সংবাদ মাধ্যমতো৷

মন কৰিবলগীয়া যে ডাঃ মুকুল হাজৰিকা ওৰফে অভিজিৎ অসমৰ বিৰুদ্ধে ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ই এটা গোচৰ ৰুজু কৰি তদন্ত চলোৱাৰ অন্তত ২০১৭ চনৰ গুৱাহাটীস্থিত ‘নিয়া’ আদালতত চার্জশ্বীট দাখিল কৰে৷ এই গোচৰটোৰ অন্যতম দুই অভিযুক্ত হ’ল আলফা (স্বাধীন)ৰ তেতিয়াৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু সশস্ত্র সংগঠনটোৰ আন এজন শীর্ষ নেতা গগন হাজৰিকা৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশক্রমে ‘নিয়া’ই ৰুজু কৰা গোচৰটোত ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমৰ বিৰুদ্ধে বে–আইনী কার্যকলাপ (প্রতিৰোধ) আইনৰ ১৮, ১৮এ, ১৮বি আৰু ২০ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১২১ আৰু ১২৪এ ধাৰা আৰোপ কৰা হৈছিল৷ অভিযোগনামাত কোৱা হৈছিল যে আলফা (স্বাধীন)–এ নতুন সদস্যভুক্তি, প্রশিক্ষণ, ধন দাবী, অপহৰণ আদিৰে সন্ত্রাসবাদমূলক কার্যকলাপ চলাই আছে৷ এতিয়া আলফা (স্বাধীন)ৰ একালৰ সভাপতিজনক গ্রেট ব্রিটেইনে প্রত্যর্পণ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰাৰ লগে লগে বিভিন্ন বিষয় চর্চালৈ আহিছে৷ চর্চা অনুসৰি প্রত্যর্পণ সম্ভৱ হৈ উঠিলে ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিৎ অসমক অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ আলোচনাপন্থী গোটৰে চামিল কৰাব পাৰে৷ ইয়াৰ বিপৰীতে তেওঁৰ জৰিয়তে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ বাবে পদক্ষেপ গ্রহণ কৰিব পাৰে বুলিও চর্চা হৈছে৷

You might also like