নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূলসুঁতিলৈ ৬ বিদ্রোহী সংগঠনঃ প্রধানমন্ত্রী–গৃহমন্ত্ৰীৰ নেতৃত্বত ঐতিহাসিক কার্বি চুক্তি সম্পাদিত

  • কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য সংখ্যা ২৬ৰ পৰা বৃদ্ধি হ’ব ৫০জনলৈ
  • কার্বি অধ্যুষিত অঞ্চলৰ সামগ্রিক উন্নয়নৰ হকে ১,০০০ কোটি টকাৰ পেকেজ
  • এসপ্তাহৰ ভিতৰত বিদ্রোহীসকলে চৰকাৰৰ ওচৰত জমা দিব অস্ত্র–শস্ত্র
  • কার্বি আংলঙত চৰকাৰী ভাষা হ’ব কার্বি
  • ভৈয়ামৰ কার্বিসকলকো অনুসূচিত জনজাতিৰ মর্যাদা দিয়াৰ বিবেচনা কৰিব ৰাজ্য চৰকাৰে–গঠন হ’ব উন্নয়ন পৰিষদ

 

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ অসমত শান্তি প্রতিষ্ঠাৰ আন এক সবল পদক্ষেপেৰে শনিবাৰে নতুন দিল্লীত সম্পাদিত হ’ল ঐতিহাসিক কার্বি চুক্তি৷ ইয়াৰ লগে লগে ১৯৮৫ চনৰ পৰা সুকীয়া ৰাজ্যৰ দাবীৰে সশস্ত্র সংগ্রাম অব্যাহত ৰখা ছয় বিদ্রোহী সংগঠন কার্বি লংৰি নর্থ কাছাৰ হিল্ছ লিবাৰেচন ফ্রণ্ট (কে এন এল এফ), পিপল্ছ ডেম’ক্রেটিক কাউন্সিল অৱ কার্বি লংৰি (পি ডি চি কে), ইউনাইটেড পিপল্ছ লিবাৰেচন আর্মী (ইউ পি এল এ), কার্বি পিপল্ছ লিবাৰেচন টাইগার্ছ (কে পি এল টি)ৰ তিনিটা গোটে মূলসুঁতিলৈ উভতি আহিল৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত স্বাক্ষৰিত কার্বি চুক্তি ৰাজ্যৰ সাম্প্রতিক প্রেক্ষাপটত যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত সম্পাদিত এই চুক্তিৰ জৰিয়তে কার্বিসকলৰ স্বায়ত্তশাসনৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব৷

চুক্তি অনুসৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য সংখ্যা বর্তমানৰ ২৬জনৰ পৰা বৃদ্ধি পাব ৫০জনলৈ৷ ইয়াৰ ভিতৰত ৪৪জন সদস্য নির্বাচিত হোৱাৰ বিপৰীতে বাকী ৬জনক ৰাজ্যপালে মনোনীত কৰিব৷ নির্বাচিত ৪৪জন সদস্যৰ ভিতৰত ৩৪খন পৰিষদীয় আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকিব আৰু বাকী ১০খন হ’ব অসংৰক্ষিত৷ সেইদৰে ৰাজ্যপালে মনোনীত কৰিবলগীয়া ৬ সদস্যৰ ভিতৰত নূন্যতম দুগৰাকী মহিলা হ’ব লাগিব৷ এই চুক্তিৰ জৰিয়তে কার্বি অধ্যুষিত অঞ্চলৰ সামগ্রিক উন্নয়নৰ হকে ১০০০ কোটি টকাৰ এক বিশেষ পেকেজ কেন্দ্রীয় চৰকাৰে আগবঢ়োৱাৰো কথা ঘোষণা কৰিছে৷

বছৰি ২০০ কোটি টকাকৈ আগবঢ়াবলগীয়া এই পেকেজৰ ৫০০ কোটি টকা কেন্দ্রীয় চৰকাৰে আৰু বাকী ৫০০ কোটি টকা আগবঢ়াব ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত সম্পাদিত কার্বি চুক্তিত বিদ্রোহী সংগঠন কে এন এল এফৰ হৈ অধ্যক্ষ প্রদীপ তেৰাং, পি ডি চি কেৰ হৈ কংকাত টেৰণ, ইউ পি এল এৰ হৈ ৱেলছলে তেৰাং, কে পি এল টিৰ হৈ ছেমছিং তিছ’, কে পি এল টি (আৰ)ৰ হৈ ৰুণ ৰংপি আৰু কে পি এল টি (এম)ৰ হৈ মেনছিং ক্রামছাই স্বাক্ষৰ কৰে৷ কার্বি চুক্তিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্য সচিব জিষ্ণু বৰুৱা আৰু কেন্দ্রীয় চৰকাৰৰ হৈ উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা গৃহ মন্ত্রালয়ৰ অতিৰিক্ত সচিব পীয়ূষ গোৱেলে স্বাক্ষৰ কৰিছে৷

শনিবাৰে চুক্তি সম্পাদনপর্বত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ দিলীপ শইকীয়া উপস্থিত আছিল৷ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ইয়াক উগ্রবাদমুক্ত উত্তৰ–পূর্বাঞ্চলৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা লক্ষ্যৰ আন এক মাইলষ্ট’ন ৰূপে অভিহিত কৰিছে৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে অসমত শান্তি স্থাপন আৰু প্রগতিৰ বাবে আজি কার্বি চুক্তি সম্পাদন কৰা হ’ল৷ আজিৰ দিনটো অসমৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কার্বি চুক্তিৰ জৰিয়তে বিদ্রোহীসকল মূলসুঁতিলৈ উভতি অহাৰ বাট প্রশস্ত হ’ল বুলি উল্লেখ কৰি কয় যে ১৯৮৫ চনৰ পৰাই কার্বিসকলে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী জনাই আহিছিল৷ ইয়াৰ বাবে একাংশই হিংসাৰো আশ্রয় লৈছিল৷ পিছে আজি এই চুক্তিৰ জৰিয়তে কার্বি পাহাৰলৈ শান্তি উভতি আহিব৷ এই চুক্তিখনৰ দ্বাৰা কার্বিসকলৰ সংৰক্ষণ তথা ভাষাৰ বিকাশ সাধন হোৱাৰ লগতে ১০০০ কোটি টকীয়া পেকেজৰ জৰিয়তে কার্বি আংলঙত উন্নয়নৰ গতিও ত্বৰান্বিত হ’ব৷ ইয়াৰ প্রভাৱ সমগ্র অসমতে পৰিব আৰু ৰাজ্যখন প্রগতিৰ পথত আগবাঢ়ি যাব৷ বড়ো শান্তি চুক্তিৰ আর্হিত কার্বি বিদ্রোহীসকলৰো পুনৰ সংস্থাপন কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে কার্বি বিদ্রোহীসকলৰ হাতত এতিয়াও ৩০০তকৈও অধিক মাৰণাস্ত্র আছে৷ কার্বি চুক্তি অনুসৰি অহা এসপ্তাহৰ ভিতৰত বিদ্রোহীসকলে চৰকাৰৰ ওচৰত অস্ত্র–শস্ত্রসমূহ জমা দিব৷ কার্বি চুক্তি সম্পাদন হোৱাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে৷

মন কৰিবলগীয়া যে শনিবাৰে চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে কার্বি বিদ্রোহী সংগঠনসমূহৰ নেতৃবৃন্দই ইয়াত সন্নিৱিষ্ট বিষয়বস্তুসমূহক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ একেদৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙেও কার্বি চুক্তিৰ বিষয়বস্তুক লৈ সংবাদ মাধ্যমৰ আগত সন্তোষ ব্যক্ত কৰে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কার্বি চুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ ক্ষমতা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ হস্তান্তৰ কৰা হ’ব৷ ইয়াৰ ভিতৰত অন্যতম হৈছে প্রাথমিক–মাধ্যমিক– শিক্ষা, গ্রাম্য বিদ্যুতীকৰণ, সংখ্যালঘু উন্নয়ন আৰু বন বিভাগ৷ তদুপৰি কার্বি আংলঙৰ বাবে অসম আৰক্ষীৰ ডি আই জি পদ সৃষ্টি কৰাৰ লগতে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিযুক্তি দিয়াৰ পূর্বে স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কার্যবাহী সদস্যজনৰ মতামত গ্রহণ কৰাটো অনিবার্য হ’ব৷

চুক্তি অনুসৰি কার্বি আংলং জিলাত বিধানসভাৰ আসনৰো সংখ্যা বৃদ্ধি কৰাৰ বিষয়টো বিবেচনা কৰিব কেন্দ্রীয় চৰকাৰে৷ চুক্তিত সন্নিৱিষ্ট আন এক গুৰুত্বপূর্ণ বিষয়টো হৈছে– কার্বি আংলঙত চৰকাৰী ভাষা হ’ব কার্বি৷ শিক্ষানুষ্ঠানত কার্বি ভাষাৰ উপৰি অসমীয়া, হিন্দী আৰু ইংৰাজীও শিকোৱা হ’ব৷ ইফালে, ভৈয়ামত থকা কার্বিসকলকো অনুসূচিত জনজাতি (পাহাৰ)ৰ মর্যাদা দিয়াৰ বাবে ৰাজ্য চৰকাৰে বিবেচনা কৰিব৷ সমান্তৰালভাৱে ভৈয়ামৰ কার্বিসকলৰ বাবে গঠন কৰা হ’ব উন্নয়ন পৰিষদ৷ বছৰেকীয়া কার্বি যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব৷ কার্বি আংলঙৰ তাৰালাংছ’ত কার্বি সাংস্কৃতিক কেন্দ্র আৰু আন এক স্থানত কার্বি ভাষা–সংস্কৃতিৰ প্রসাৰৰ বাবে এখন একাডেমী গঠন কৰাৰ কথাও চুক্তিখনত উল্লেখ কৰা হৈছে৷

কার্বি চুক্তি অনুসৰি কার্বি আন্দোলনত প্রাণ হেৰুওৱা লোকসকলৰ নিকটতম আত্মীয়সকলক পাঁচ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ সেইদৰে কার্বি আংলঙত কেন্দ্র–ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক্রমে ১৬টা আৰু ২১টা উন্নয়নমূলক প্রকল্প গ্রহণ কৰাৰ কথাও চুক্তিখনত সন্নিৱিষ্ট কৰা হৈছে৷ পৰৱর্তী সময়ত কার্বি আংলঙত এখন গ্রীন ফিল্ড বিমানবন্দৰ, ডিফুত হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট, পশ্চিম কার্বি আংলঙত দূৰদর্শন–নাতাঁৰ কেন্দ্র স্থাপন কৰাৰ লগতে সৌৰ বিদ্যুৎ প্রকল্পও গ্রহণ কৰা হ’ব৷

তদুপৰি কার্বি আংলঙত এখন সৈনিক স্কুল, চেনি কাৰখানা স্থাপন কৰা হ’ব৷ ৰে’ল যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ সমান্তৰালভাৱে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছক পূর্ণাংগ বিশ্ববিদ্যালয়ৰ ৰূপ দিয়াৰ কথাও চুক্তিখনত ঘোষণা কৰা হৈছে৷ ইফালে অসম চৰকাৰৰ তৰফৰ পৰা পশ্চিম কার্বি আংলঙত সচিবালয় চৌহদ আৰু ডিফুত স্বায়ত্তশাসিত পৰিষদৰ ৰাজধানী চৌহদ স্থাপন কৰা হ’ব৷ ডিফু আৰু ডংকামকামত নির্মাণ কৰা হ’ব এখনকৈ পশু চিকিৎসা মহাবিদ্যালয় হাস্পতাল৷ ডিফুত থলুৱা ফুড পার্ক, পশ্চিম কার্বি আংলঙৰ হামৰেণত চৰকাৰী মহাবিদ্যালয়, বন প্রশিক্ষণ মহাবিদ্যালয় স্থাপন কৰাৰ উপৰি কার্বি আংলঙৰ প্রতিটো ব্লকত আধুনিক চিকিৎসাৰ ব্যৱস্থা থকা চিকিৎসালয় স্থাপন কৰাৰ কথাও এই চুক্তিখনত উল্লেখ কৰা হৈছে৷

You might also like