বিশেষ বাৰ্তা, ২৬ জুলাই : নগাঁৱৰ চামগুৰিৰ বৰভেটিত এটি কন্যা শিশুৰে হৃদয়বিদাৰক কাণ্ড সংঘটিত কৰিলে খুৰাকে। জানিব পৰা মতে, খুৰাকে ৭ বছৰীয়া নিজ ভতিজীক কলঙত দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। কলঙত কন্যা শিশুটিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটি নগাঁও জিলাৰ কঠীয়াতলীৰ বৰহোলাৰ গাঁৱৰ সাত বছৰীয়া গৌৰীপ্ৰিয়া দাস।
জানিব পৰা মতে, কণমানি গৌৰীপ্ৰিয়াই গৰমৰ বন্ধত নগাঁৱৰ চামগুৰিৰ বৰভেটিৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল । ২৫ জুলাইত কণমানিজনীৰ দেউতাক, দুজন খুৰাক আৰু ককাকে ঘৰলৈ নিবলৈ আহিছিল কণমানিজনীক। মোমায়কৰ ঘৰত গৌৰীক দেখা পাই খুৰাক বিকাশ দাসে কোলাত তুলি কলঙৰ পাৰলৈ নি ৰহস্যজনকভাৱে কলং নৈত দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। গৌৰীৰ খুৰাক বিকাশ দাস স্বাস্থ্য বিভাগত কৰ্মৰত। পিছত স্থানীয় লোকে গৌৰী কলঙৰ পানীত উটি যোৱা দেখি কলঙৰ বুকুৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ নগাঁৱৰ NMCHত ভৰ্তি কৰায় যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় কন্যা শিশুটিৰ।
স্থানীয় ৰাইজৰ অভিযোগ মতে, উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতেই বিকাশ দাসে চামগুৰিৰ বৰভেটিৰ পৰা পলায়ন কৰে। ইতিমধ্যে নগাঁৱৰ খাটোৱাল আৰক্ষীয়ে বিকাশ দাসক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।