নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত গণৰাজ্য দিৱসত নাথাকিব পাৰে অসমৰ প্রতীকপট

সংবাদ মেলত সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বৰাৰ মন্তব্য

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ এইবছৰ নতুন দিল্লীত গণৰাজ্য দিৱসৰ কেন্দ্রীয় কার্যসূচীত অসমৰ প্রতীকপট নাথাকিব পাৰে৷ দেওবাৰে জনতা ভৱনত আয়োজিত এক সংবাদ মেলত সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বৰাই সেই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত মন্ত্রী বৰাই কয় যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম চৰকাৰে গহপুৰত কনকলতা বৰুৱাৰ পতাকা উত্তোলনৰ প্রতীকপট প্রতিৰক্ষা মন্ত্রালয়লৈ প্রেৰণ কৰিছিল৷ পৰৱর্তী পর্যায়ত প্রতিৰক্ষা মন্ত্রালয়ে কিছু সংশোধনী কৰিব দিছে আৰু সেই অনুসৰি সংশোধনো কৰি দিয়া হৈছে৷ তদুপৰি এই সংক্রান্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙলৈ পত্রও প্রেৰণ কৰিছে৷ এই সম্পর্কত তেওঁ কয় যে প্রতিবছৰে গণৰাজ্য দিৱসৰ কেন্দ্রীয় কর্যসূচীত দেশৰ প্রতিখন ৰাজ্যৰ প্রতীকপট প্রতিফলিত কৰাটো সম্ভৱো নহয়৷ যোৱা বছৰ ১৬খন ৰাজ্যৰ প্রতীকপট প্রতিফলিত হৈছিল৷ সেই ১৬ ৰাজ্যৰ ভিতৰত অসমো আছিল৷ ২০১৯ চনত অসমে প্রতীকপটৰ বাবে প্রথম স্থানো লাভ কৰিছিল৷

You might also like