নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষা গৃহতে হ’ব মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ৰাজ্যত ক’ভিডৰ তৃতীয় ঢ়ৌ আৰম্ভ হ’লেও এই বছৰ নির্ধাৰিত সময়মতেই মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ তদুপৰি পৰীক্ষাগৃহত অনুষ্ঠিত হ’ব এই বছৰৰ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে৷ ইতিমধ্যে মেট্রিক পৰীক্ষাৰ সময়সূচী প্রকাশ কৰা হৈছে৷ দুই–এদিনতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰো সময়সূচী প্রকাশ পাব৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে আৰু কয় যে বর্তমান সকলোৱে ভেকচিন দিয়াত গুৰুত্ব প্রদান কৰা হৈছে৷ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱালৈ পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া সকলো ছাত্র–ছাত্রীক ভেকচিন দিয়াটো যিহেতু সম্পূর্ণ হৈ উঠিব, সেয়ে পৰীক্ষা অনুষ্ঠিত কৰাত অসুবিধা নহ’ব৷

উল্লেখ্য যে ৰাজ্যত ক’ভিডৰ তৃতীয় ঢ়ৌ আৰম্ভ হোৱাৰ লগে লগে এই বছৰো মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ একাংশ ছাত্র–ছাত্রী আৰু অভিভাৱকৰ মনত শংকাৰ উদয় হয়৷ অৱশ্যে একে সময়তে ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ বাবেও ক’ভিড ভেকচিন প্রদান আৰম্ভ হোৱাত মেট্রিক, উচ্চতৰ মাধ্যমিক শ্রেণীৰ সকলো ছাত্র–ছাত্রীয়ে ভেকচিন লাভৰ পথ প্রশস্ত হৈ পৰে৷ ইতিমধ্যে বিদ্যালয়ে বিদ্যালয়ে ছাত্র–ছাত্রীসকলক পূর্ণগতিত ভেকচিন দিয়া আৰম্ভ হৈছে আৰু পৰীক্ষাৰ পূর্বে প্রতিগৰাকী ছাত্র–ছাত্রীয়ে দুয়োপালি ক’ভিড ভেকচিন লাভ কৰিব৷

You might also like