আগন্তুক নিৰ্বাচনৰ পূৰ্বে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL)ক এক গুৰুত্বপূৰ্ণ আঘাত প্ৰদান কৰি দল ত্যাগ কৰিছে বিশিষ্ট নেতা খাম্পা বৰগয়াৰীয়ে। তেওঁ ১৪নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ হিচাপে দায়িত্ব পালন কৰাৰ লগতে বিৰোধী দলপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
দল ত্যাগৰ এই সিদ্ধান্তই অঞ্চলটোৰ ৰাজনৈতিক পৰিসৰত বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰগয়াৰীয়ে হঠাতে এই পদক্ষেপ গ্ৰহণ কৰাৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও ৰাজনৈতিক মহলে বিষয়টো গভীৰ আগ্ৰহেৰে লক্ষ্য কৰি আছে।
ইফালে, আগন্তুক নিৰ্বাচনৰ প্ৰাক্কালত UPPLৰ বাবে এই ঘটনা এক উল্লেখযোগ্য আঘাত বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে।
ইফালে খাম্পাই বিপিএফ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছত চিৰাং জিলাৰ ৰাজনৈতিক সমীকৰণত কেনেধৰণৰ প্ৰভাৱ পৰে সেয়া লক্ষ্যণীয় হ’ব।
ডিজিটেল ডেস্ক, ২ মাৰ্চ