ডিজিটেল ডেস্ক, ২ মার্চ : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্রমণত ক্ষত–বিক্ষত ইৰান৷ স্বাভাৱিকতে এই যুদ্ধৰ প্রভাৱ পৰিছে সমগ্র পশ্চিম এছিয়াত৷ অঞ্চলটোত ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত এই যুদ্ধৰ প্রভাৱ পৰাৰ লগতে অর্থনৈতিক ক্ষেত্রতো ই পৰিলক্ষিত হৈছে৷ তাকে লৈ অর্থনৈতিক কার্যকলাপৰ সৈতে জড়িত লোকসকল চিন্তিত হৈ পৰিছে৷
এই যুদ্ধৰ প্রভাৱত ভাৰতৰ শ্বেয়াৰ বজাৰত পৰিব পৰা প্রভাৱক লৈ ব্রোকাৰেজ ফার্মসমূহৰ মাজত আৰম্ভ হৈছে বিশেষ জল্পনা–কল্পনা৷ অর্থনৈতিক বিশ্লেষকসকলৰ অনুমান যে ইৰান যুদ্ধৰ ফলত সপ্তাহটোৰ প্রথম কার্যদিন হিচাপে দুই মার্চৰ দিনা ৰক্তাক্ত হ’ব পাৰে বোম্বাই আৰু নেচনেল ষ্টক এক্সচেঞ্জ৷ খনিজ তেল আৰু ইন্ধন সংস্থাসমূহে বেয়া পাৰফর্মেঞ্চ কৰাৰ প্রবল আশংকা দেখা গৈছে৷ লোকচান হ’ব পাৰে চৰকাৰী আৰু বেচৰকাৰী বেংকৰ ষ্টকত বিনিয়োগকাৰীসকলৰ৷
আনহাতে, সোণ আৰু ৰূপৰ দামৰ পূর্বাভাসো দিছে বিশ্লেষকসকলে৷ এনে পৰিস্থিতিত সোমবাৰে বজাৰ স্খলিত হ’লে বিনিয়োগকাৰীসকলে মূৰে–কপালে হাত দিবলগীয়া অৱস্থা যে হ’ব পাৰে তাক কোৱাটো বাহুল্য৷ যোৱা শুকুৰবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত দেখা যায় ১.৫৮ শতাংশ নামে নিফটী ৷ বর্তমান সেয়া ২৫.১৭৮৬৫ পইণ্টত আছে৷ আনহাতে, একেদিনাই বোম্বেত শ্বকট এক্সচেঞ্জত ১.৮৪ শতাংশৰ পতন লক্ষ্য কৰা হৈছিল৷ ফলত ৮১ হাজাৰ ২৮৭ পইণ্টত ৰৈ যায় ছেনছেক্স৷ তেনেদৰে নেচনেল ষ্টক এক্সচেঞ্জত বর্তমান ৬০,৫২৯ পইণ্টত আছে বেংক নিফটী৷