নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবীণ সাংবাদিক-বুদ্ধিজীৱী হাইদৰ হুছেইনক ‘চুকাফা সমন্বয় সাংস্কৃতিক বঁ‌টা’ প্ৰদান

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা আজি নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁ‌ত ধৰে সাধাৰণ সম্পাদক বিজন বায়নে। এই সভাতে পৰিষদৰ মধ্যকালীন অধিৱেশন অহা ১৬ আৰু ১৭ মে’ত বিশ্বনাথ জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ  উপৰি সংগঠনৰ ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰে।

কাৰ্যনিৰ্বাহক সভাৰ আগমুহূৰ্তত অসমৰ প্ৰবীণ সাংবাদিক, নিবন্ধকাৰ, বুদ্ধিজীৱী হাইদৰ হুছেইনক ‘চুকাফা সমন্বয় সাংস্কৃতিক বঁটা’ প্ৰদান কৰা হয় । পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক বিজন বায়নকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনক চুকাফা বঁটা প্ৰদান কৰে। বঁ‌টা গ্ৰহণ কৰি প্ৰবীণ সাংবাদিক হুছেইনে কয়- অসমত ঐক্যবদ্ধতাৰ বিকল্প একো নাই। অসমীয়া জাতি বুলি যিয়ে গৌৰৱ কৰে, অসমীয়া বুলি যিয়ে পৰিচয় দি আহিছে, সকলোৱে একত্ৰিত হ’ব লাগিব। কৰ্মসংস্কৃতিৰ প্ৰতি আগ্ৰহী হ’বলৈ কৈ প্ৰবীণ সাংবাদিক হুছেইনে মাতৃভাষাক শক্তিশালী কৰিবলৈ আহ্বান জনায়। সম্প্ৰতি অসমত মাতৃভাষাৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ আৰু গুৰুত্ব কমিছে বুলিও তেওঁ‌ দুখ প্ৰকাশ কৰে। যুৱ-ছাত্ৰ পৰিষদৰ এই বঁ‌টাই  উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে বুলিও মনৰ ভাব ব্যক্ত কৰে।

উল্লেখ্য যে প্ৰতিবছৰে পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আয়োজন কৰা চুকাফা মহোৎসৱৰ লগত সংগতি ৰাখি চুকাফা বঁটা প্ৰদান কৰে। ইয়াৰ পূৰ্বে এই বঁটা জুবিন গাৰ্গক প্ৰদান কৰা হৈছিল। অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ লগতে  জিলা সমিতিৰ সভাপতি আচিক আহমেদ, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাকে ধৰি জিলাখনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা,নলবাৰী, ৪ জানুৱাৰী :

You might also like