ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নাই। অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আজি পুৱা ৭.৩৫ বজাত ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। শেহতীয়াকৈ প্ৰবীণ সাংবাদিকগৰাকীক অসুস্থতাৰ বাবে ১৯ ফেব্ৰুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে জীৱনৰ অন্তিম পৰ্যায়লৈকে সাংবাদিকতাৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ আছিল।
দেওবাৰে পুৱা দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৭ বছৰ। সুদীৰ্ঘ কাল ধৰি অসমৰ বৌদ্ধিক সমাজক নেতৃত্ব দিয়া ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যু সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অতুলনীয় সেৱাৰ বাবে অসম চৰকাৰে তেওঁক ২০১৯ চনত সন্মানীয় গণৰাজ্য দিৱস সাংবাদিকতা বঁটাৰে বিভূষিত কৰিছিল। তেওঁৰ বিয়োগত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতিৰ লগতে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্বও পালন কৰিছিল।