নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ প্ৰবীণ সমাজ সংগঠক, ক্ৰীড়াবিদ, সাংস্কৃতিক কৰ্মী ৰুদ্ৰ দাংগিয়াৰীৰ দেহাৱসান

জটিল ৰোগত আক্ৰান্ত প্ৰবীন সমাজকৰ্মী ৰুদ্ৰ দাংগিয়াৰী বিগত প্ৰায় ৩ বছৰ ধৰি শয্যাগত অৱস্থাত আছিল আৰু আজি সকলোকে শোকৰ সাগৰত এৰি অজান দেশলৈ গমন কৰে৷ তেওঁৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে তেওঁৰ বাসগৃহলৈ বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা, গুণমুগ্ধ সমাগম ঘটে আৰু তেখেতৰ পাৰ্থিৱ শৰীৰত পুষ্পাঞ্জলি অৰ্পণৰ কৰি শেষ শ্ৰদ্ধা জনায়

শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ ঢেকীপেলোৱা কছাৰী গাঁৱৰ নিৱাসী, মিছামাৰী পঞ্চায়তৰ প্ৰাক্তন কাউঞ্চিলৰ, পি টি চি এ তেজপুৰ জিলা কমিটিৰ তদানীন্তন সাধাৰণ সম্পাদক, নিখিল বড়ো সাহিত্য সভাৰ মিছামাৰী অঞ্চলত কমিটি গঠনত বিশেষ গুৰুত্ব প্ৰদান কৰা আৰু বড়ো সাহিত্য সভাৰ প্ৰাথমিক, আঞ্চলিক, জিলা কমিটিত দীৰ্ঘ সময় ধৰি বিভিন্ন দায়িত্ব পালন, গৰুবন্ধাস্থিত মিছামাৰী হাৰিমু আফাদ ভৱনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, মিছামাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি, মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন সভাপতি, বৃহত্তৰ অঞ্চলটোৰ প্ৰবীন সমাজকৰ্মী, অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সক্ৰিয় কৰ্মী, ক্ৰীড়াবিদ, সাংস্কৃতিক কৰ্মী ৰুদ্ৰ দাংগিয়াৰী (৮৪)য়ে ইহলীলা সম্বৰণ কৰে৷

জটিল ৰোগত আক্ৰান্ত প্ৰবীন সমাজকৰ্মী ৰুদ্ৰ দাংগিয়াৰী বিগত প্ৰায় ৩ বছৰ ধৰি শয্যাগত অৱস্থাত আছিল আৰু আজি সকলোকে শোকৰ সাগৰত এৰি অজান দেশলৈ গমন কৰে৷ তেওঁৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে তেওঁৰ বাসগৃহলৈ বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা, গুণমুগ্ধ সমাগম ঘটে আৰু তেখেতৰ পাৰ্থিৱ শৰীৰত পুষ্পাঞ্জলি অৰ্পণৰ কৰি শেষ শ্ৰদ্ধা জনায় ৷

শোকাকুল পৰিৱেশত উপস্থিত হৈ শোণিতপুৰ জিলা বড়ো সাহিত্য সভা, মিছামাৰী প্ৰাথমিক বড়ো সাহিত্য সভা, মিছামাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থা, মিছামাৰী আঞ্চলিক হাৰিমু আফাদ, মিছামাৰী শাখা সাহিত্য সভা, মিছামাৰী আঞ্চলিক ছাত্ৰ সন্থা, গড়মৰা প্ৰাথমিক বড়ো সাহিত্য সভা, শোণিতপুৰ জিলা মাইনাও আফাদ, মিছামাৰী মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ জাতীয় বিদ্যালয়, মিছামাৰী আঞ্চলিক স্থায়ী বিহু মঞ্চ সমিতি, মিছামাৰী সংগীত মহাবিদ্যালয়, মিছামাৰী জেষ্ঠ্য নাগৰিক সংস্থা, ঢেকীয়াজুলি প্ৰেছ ক্লাৱ, ঠেলামৰা ব্লক ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ কৰ্মকৰ্তা সকলে তেখেতৰ পাৰ্থিৱ শৰীৰত জাতীয় পতাকা, সংগঠনৰ পতাকা, ফুলাম গামোছা, আৰ্নাই ঢাকি শেষ বিদায় জনোৱাৰ লগতে ধূপ, পুষ্প আদিৰে শ্ৰদ্ধাৰ্ঘ্য জনায় ৷

যুৱ সমাজকৰ্মী পৰাগসেন ডেকাই আঁতধৰা অনুষ্ঠানত মিছামাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপীনাথ শৰ্মা, মিছামাৰী মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সম্পাদক লক্ষণ কুমাৰ দাস, নিখিল বড়ো সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত বড়োৱে প্ৰয়াত ৰুদ্ৰ দাংগিয়াৰীৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷

ইয়াৰ পাছতে দল, সংগঠনৰ কৰ্মকৰ্তা আৰু বিশিষ্ট ব্যক্তি সকলে প্ৰয়াত দাংগিয়াৰীৰ আদ্যশ্ৰাদ্ধৰ দিনা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেওঁৰ কৰ্মজীৱনৰ আধাৰত স্মাৰক বক্তৃতা অনুষ্ঠান আৰু এখনি স্মৰণিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ মৃত্যুৰ সময়ত প্ৰয়াত ৰুদ্ৰ দাংগিয়াৰীয়ে পত্নী, তিনি পুত্ৰ, তিনি কন্যা, নাতি নাতিনীৰ উপৰি অগণন গুণমুগ্ধক ইহসংসাৰত এৰি গৈছে ৷

নিয়মীয়া বাৰ্তা, মিছামাৰী, ১৬ ডিচেম্বৰ

You might also like