নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গগৈৰ স্বাস্থ্য সন্দর্ভত এইমছৰ সঞ্চালকৰে ভিডিঅ’ কনফাৰেঞ্চ

গৌৰৱলৈ ফোন কৰি গগৈৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্রী সোণোৱালে

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  ক’ৰোনাত আক্রান্ত হৈ অসুস্থ হৈ পৰা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ বর্তমান শ্বাস–প্রশ্বাসজনিত সমস্যাত ভুগিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা গগৈৰ কালি পুৱাৰ ভাগত হঠাতে দেহত অক্সিজেনৰ মাত্রা হ্রাস পোৱাত আই চি ইউলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল৷ শুকুৰবাৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ স্বাস্থ্যৰ বিষয়ে সদৰী কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– প্রাক্তন মুখ্যমন্ত্রী গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ অচিৰেই এইমছৰ চিকিৎসক জি এম চি এইচলৈ আহিব৷ এই সন্দর্ভত শুকুৰবাৰে পুৱা ৯.১৫ বজাত এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে এক দীঘলীয়া সময় বার্তালাপ হয়৷ মোৰ লগতে জি এম চি এইচৰ কেইবাজনো জ্যেষ্ঠ চিকিৎসকৰ লগতে তৰুণ গগৈৰ পুত্র তথা সাংসদ গৌৰৱ গগৈ উপস্থিত থকা এই ভিডিঅ’ কনফাৰেঞ্চত এইমছৰ সঞ্চালকজনে প্রাক্তন মুখ্যমন্ত্রীগৰাকীক স্বাস্থ্যৰ বিভিন্ন দিশ সম্পর্কে তথ্য সংগ্রহ কৰাৰ লগতে জি এম চি এইচৰ চিকিৎসকৰ দলক গগৈৰ শৰীৰৰ আন কেতবোৰ পৰীক্ষা কৰাৰ বাবেও পৰামর্শ দিয়ে৷ সঞ্চালক গুলেৰীয়াই গগৈৰ স্বাস্থ্য পৰীক্ষাৰ বাবে দুই–এদিনতে এইমছৰ পৰা চিকিৎসক প্রেৰণ কৰিব বুলিও জানিবলৈ দিয়ে৷

মন কৰিবলগীয়া যে যোৱা ২৬ আগষ্টত ক’ৰোনাত আক্রান্ত হোৱা প্রাক্তন মুখ্যমন্ত্রীগৰাকীক জি এম চি এইচত ভর্তি কৰোৱা হৈছিল৷ তেতিয়াই তেওঁৰ চিকিৎসাৰ বাবে ৮জনীয়া চিকিৎসকৰ দল এটা গঠন কৰি দিয়া হৈছিল৷ যোৱা সপ্তাহত তেওঁ ক’ৰোনাৰ সংক্রমণৰ পৰা মুক্ত হয় যদিও শাৰীৰিকভাৱে দুর্বল হৈ থকা বাবে জি এম চি এইচতে তেওঁক ৰখা হৈছিল৷ কিন্তু কালি হঠাৎ তেওঁৰ অক্সিজেনৰ পৰিমাণ কমি যোৱাত আই চি ইউত ভর্তি কৰোৱা হয়৷ গগৈৰ অক্সিজেনৰ পৰিমাণ ৮২লৈ হ্রাস পায়৷ অৱশ্যে তেওঁক আই চি ইউত চিকিৎসকৰ দলে অক্সিজেন দিয়াৰ লগতে বিশেষ তৎপৰতা লোৱাত অক্সিজেনৰ লেভেল ৯২লৈ বৃদ্ধি পায়৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আজি জানিবলৈ দিয়া মতে, প্রাক্তন মুখ্যমন্ত্রীগৰাকীক আজিও ৩ লিটাৰ অক্সিজেন প্রদান কৰা হৈছে, ফলত তেওঁৰ অক্সিজেনৰ মাত্রা ৯৪লৈ বৃদ্ধি পাইছে৷ কালিৰ তুলনাত আজি তৰুণ গগৈৰ স্বাস্থ্য যথেষ্ট সুস্থিৰ৷
প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্রী সোণোৱালে
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়৷ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈৰ সৈতে টেলিফোনিক বার্তালাপ কৰি তেওঁৰ শেহতীয়া স্বাস্থ্যৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰ সৈতেও টেলিফোনযোগে বার্তালাপ কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁ উন্নত চিকিৎসাৰ দিশত সকলো ধৰণৰ ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ দিয়ে৷

You might also like