বাংলাদেশত হিন্দু যুৱকক হত্যাৰ ঘটনাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি আৰক্ষীৰ জালত ৰঙিয়াৰ যুৱক। সামাজিক মাধ্যমত বাংলাদেশত হিন্দু যুৱক দীপু দাসক একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়া এক হৃদয়বিদাৰক ঘটনাৰ ভিডিঅ’ৰ সৈতে কিছু মন্তব্য সংযোগ কৰি পোষ্ট কৰিছিল ৰঙিয়াৰ ৩নং ৱাৰ্ডৰ মহম্মদ শ্বেইফ আখতাৰ আলীয়ে।
হাইৱে চ’কৰ চাহৰ বিপণী “বোল্লো চাইৱালা” খ্যাত এইগৰাকী যুৱক। BOLLO CHAIWALA নামৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’ । এই ভিডিঅ’টি ভাইৰেল হোৱাৰ পাছতেই ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল যুৱকগৰাকী। এই ভিডিঅ’ত এটা বিশেষ সম্প্ৰদায়ক প্ৰৰোচিত তথা উত্তেজিত কৰি আন এটা সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত আঘাত হনা পৰিলক্ষিত হোৱা বুলি অভিযোগ দুই হিন্দুত্ববাদী সংগঠনৰ।
ইতিমধ্যে ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ দলে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ। ৰঙিয়া আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। ৰঙিয়া থানাত ২৮৪/২৫ নম্বৰত ৰুজু কৰিছে গোচৰ । যুৱকজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে।
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ :