নাজিৰা গেলেকীৰ নপাম বাৰুৱতী বৰহোলা গাঁৱৰ পঞ্চাশ বছৰীয়া এগৰাকী ব্যক্তি যোৱা ১৮ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, নপাম বাৰুৱতী বৰহোলা গাঁৱৰ ৰতলাল কুৰ্মী নামৰ পঞ্চাশ বছৰীয়া ব্যক্তিগৰাকী মৰিয়নিৰ নিজৰ শহুৰেকৰ ঘৰলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে।
যোৱা ১৮ ডিচেম্বৰৰ পুৱা ৯ বজাত এটা ক’লা জেকেট আৰু গ্ৰে ৰঙৰ পেণ্ট আৰু পিঠিত এটা বেগ লৈ শহুৰেকৰ ঘৰ মৰিয়নিলৈ যাওঁ বুলি ওলাই গৈছিল ব্যক্তিজন আৰু সেইদিনাৰ পৰাই উক্ত ব্যক্তিজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে।
পৰিয়ালৰ লোকে গেলেকী আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰিছে যদিও আৰক্ষীয়েও কোনো সন্ধান উলিয়াব পৰা নাই ব্যক্তিজনৰ। কোনো সদাশয় ব্যক্তিয়ে যদি উক্ত ব্যক্তিজনক দেখা পালে 69008-63525 নম্বৰত পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।