নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভায়’লেট বৰুৱালৈ বিশিষ্ট সেৱাৰ ৰাষ্ট্রপতিৰ আৰক্ষী পদক

গণৰাজ্য দিৱসৰ প্রাক্ক্ষণত গৃহ মন্ত্রালয়ৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ দেশৰ ৭২সংখ্যক গণৰাজ্য দিৱসৰ প্রাক্ক্ষণত কেন্দ্রীয় গৃহ মন্ত্রালয়ে আৰক্ষীৰ বিভিন্ন পদকপ্রাপকসকলৰ্ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ এইবাৰ দেশৰ মুঠ ৯৪৬জন বিষয়া–জোৱানক বাছনি কৰা হৈছে বিভিন্ন আৰক্ষী পদকৰ বাবে৷ ইয়াৰে দুজনক মৰণোত্তৰভাৱে সাহসিকতাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক, ২০৫জনক সাহসিকতাৰ বাবে আৰক্ষীৰ পদক, ৮৯জনক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক আৰু ৬৫০জনক উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষী পদক আগবঢ়োৱা হৈছে৷ আৰক্ষী পদকপ্রাপকসকলৰ্ তালিকাত অন্তর্ভুক্ত হৈছে অসম আৰক্ষীৰ ১৪ বিষয়া–জোৱানো৷ অসম আৰক্ষীৰ উপ–মহাপৰিদর্শক (ডি আই জি) ভায়’লেট বৰুৱাই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক লাভ কৰিছে৷ সেইদৰে উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰিছে অসম আৰক্ষীৰ ১৩ বিষয়া–জোৱানে৷ তেওঁলোক হ’ল– গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা, ধেমাজিৰ লিকাবালিস্থিত ২২ অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ অধিনায়ক মুছলেছউদ্দিন আহমেদ, দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা, দেৰগাঁওস্থিত অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশিস শর্মা, গোলাঘাটৰ আৰক্ষী পৰিদর্শক দীপক বৰা, কাছাৰৰ উপ–আৰক্ষী পৰিদর্শক ইমামউদ্দিন চৌধুৰী, গুৱাহাটীৰ উপ–আৰক্ষী পৰিদর্শক ডিম্বৰাম তেৰাং, কাছাৰৰ সহকাৰী আৰক্ষী উপ–পৰিদর্শক নিৰঞ্জন দাস, কাছাৰৰ নায়ক আনোৱাৰ হুছেইন বৰভূঞা, গুৱাহাটীৰ কনিষ্টবল (ইউ বি) পংকজ মহন্ত, জিতেন্দ্র কুমাৰ সিং যাদৱ, হেমেন দাস আৰু কোকৰাঝাৰৰ কনিষ্টবল (ইউ বি) অনিল ৰাজবংশী৷ ইফালে গণৰাজ্য দিৱসৰ প্রাকসন্ধিয়া গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষাত কর্মৰতসকলৰ বাবে আগবঢ়োৱা পদকসমূহো ঘোষণা কৰা হৈছে৷

এইবাৰ গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষাত কর্মৰত মুঠ ৫৪জনলৈ গণৰাজ্য দিৱস উপলক্ষে পদক আগবঢ়াইছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ ইয়াৰে তিনিজনে সাহসিকতাৰ বাবে ৰাষ্ট্রপতিৰ গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষা মেডেল, চাৰিজনে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষা মেডেল, বাকী ৪৭জনে উৎকৃষ্ট সেৱাৰ বাবে গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষা মেডেল লাভ কৰিছে৷ অসমৰ পাঁচজনে লাভ কৰিছে উৎকৃষ্ট সেৱাৰ বাবে গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষা মেডেল৷ তেওঁলোক হ’ল– জুনিয়ৰ ষ্টাফ অফিচাৰ হেমাংগ তালুকদাৰ, চুবেদাৰ পৰেশ চন্দ্র পাঠক, প্লাটুন কমাণ্ডাৰ অতুল চন্দ্র বর্মন, মহাদেৱ শর্মা আৰু প’ষ্ট ৱার্ডেন গোপাল চন্দ্র দাস৷ সেইদৰে গণৰাজ্য দিৱস উপলক্ষে দেশৰ মুঠ ৭৩জন বিষয়া–কর্মচাৰীক আগবঢ়োৱা হৈছে অগ্ণিসেৱা পদক৷ ইয়াৰে ৮জনক সাহসিকতাৰ বাবে ৰাষ্ট্রপতিৰ অগ্ণিসেৱা পদক, দুজনক সাহসিকতাৰ বাবে অগ্ণিসেৱা পদক, ১৩জনক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ অগ্ণিসেৱা পদক আৰু ৫০জনলৈ উৎকৃষ্ট সেৱাৰ বাবে অগ্ণিসেৱা পদক আগবঢ়োৱা হৈছে৷ অসম ৰাজ্যিক অগ্ণিনির্বাপক বাহিনীৰ চাহ অফিচাৰ গকুল চন্দ্র দাস আৰু লীডিং ফায়াৰমেন বিপুল কুমাৰ দাসে লাভ কৰিছে উৎকৃষ্ট সেৱাৰ বাবে অগ্ণিসেৱা পদক৷ সেইদৰে অসম চৰকাৰৰ কাৰাগাৰ বিভাগত অধীক্ষক হিচাপে কর্মৰত ব্রজেন দাসলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ বাবে সংশোধনী সেৱা পদক৷

You might also like