নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত নাই গণৰাজ্য দিৱসৰ উছাহ: পতাকা বিক্রী ৫০ শতাংশলৈ হ্রাস

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ আজি গণৰাজ্য দিৱস৷ দেশৰ ৭২সংখ্যক গণৰাজ্য দিৱস পালনৰ বাবে সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো যাৱতীয় প্রস্তুতি সম্পন্ন কৰি তোলা হৈছে৷ খানাপাৰা, ছয়মাইল, গণেশগুৰি, পল্টনবজাৰ, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, চন্দ্রপুৰ, সাতগাঁও, চানমাৰি, শিলপুখুৰী, গুৱাহাটী ক্লাব, আমবাৰী, পাণবজাৰ, ফাঁচীবজাৰ, ফটাশিল আমবাৰী, গড়চুক, লখৰা, মালিগাঁও, জালুকাৰী আদি অঞ্চলৰ পদপথত ত্রিৰংগ পতাকা আৰু গণৰাজ্য দিৱসৰ সামগ্রীৰে ভৰি পৰিছে৷ গণৰাজ্য দিৱস উপলক্ষে মহানগৰীৰ বজাৰত ১০ টকাৰ পৰা ১২০০ টকা পর্যন্ত পতাকা বিক্রী হৈছে৷

ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ বজাৰত ৰিষ্ট বেণ্ড ১০ টকা, বেজ ১০ টকা, টুপী ৪০ৰ পৰা ৫০ টকা, বেলুন প্রতি পেকেটত ৮০ টকা, টি–ছার্ট ১৫০ টকা আৰু স্কার্ফ ৩০ টকাত বিক্রী হৈছে৷ অৱশ্যে পূর্বৰ তুলনাত এইবেলি মহানগৰীৰ বজাৰত ক’ৰোনা মহামাৰীৰ প্রভাৱৰ বাবেই গণৰাজ্য দিৱসৰ সামগ্রী বিক্রীৰ পৰিমাণ ৫০ শতাংশলৈ হ্রাস পাব বুলি একাংশ পদপথৰ ব্যৱসায়ীয়ে জানিবলৈ দিছে৷ শিলপুখুৰীৰ ব্যৱসায়ী অজিত দাসে জনোৱা মতে পূর্বৰ তুলনাত এইবাৰ গণৰাজ্য দিৱস উপলক্ষে দোকানত অধিক সামগ্রী বিক্রীৰ বাবে মজুত কৰি ৰাখিছিল যদিও বিক্রীৰ পৰিমাণ আশ্চর্যজনকভাৱে হ্রাস পাইছে৷ লক্ষণীয়ভাৱে বহিঃৰাজ্যৰ পৰা অনা পতাকা আৰু সামগ্রীৰ সমাদৰ গ্রাহকৰ মাজত ব্যাপকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আনহাতে, খাদী আৰু গ্রামোদ্যোগৰ এক সূত্রই পূর্বৰ তুলনাত এইবেলি পতাকা বিক্রীৰ পৰিমাণ হ্রাস পোৱা বুলি মতামত ব্যক্ত কৰে৷

You might also like