নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী অভিমুখী বিমানত চৰাইৰ খুন্দাঃ কথমপি প্রাণৰক্ষা ১৬২ যাত্রীৰ

নিয়মীয়া বাৰ্তা, ১২ জুন: গুৱাহাটীৰ আকাশত শনিবাৰে দুপৰীয়া এক ভয়ংকৰ দুর্ঘটনাৰ পৰা সৌভাগ্যক্রমে ৰক্ষা পৰে এখন বিমান৷ বেংগলৰ পৰা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ অভিমুখী এখন বিমানত মাজ আকাশতে চৰায়ে খুন্দা মাৰে যদিও পাহলটে সুকলমে বিমানখন অৱতৰণ কৰাত ১৬২জন যাত্রীৰ প্রাণৰক্ষা পৰে৷

জানিব পৰা মতে,UK 765 নম্বৰৰ ভিষ্টাৰা বিমানখনে ১৬২জন যাত্রী লৈ বেংগলৰ পৰা গুৱাহাটী অভিমুখে উৰা মাৰিছিল ৷ দুপৰীয়া প্রায় ২ বজাত মাজ আকাশত চৰাহৰ সৈতে খুন্দা লাগে বিমানখনৰ৷ অৱশ্যে হয়াৰ পাছতো পাহলটে বিমানখন সুকলমে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰায় ৷ কোনো অঘটন সংঘটিত নোহোৱাৰ বাবে বিমানখনত থকা ১৬২গৰাকী যাত্রীৰ প্রাণৰক্ষা পৰে ৷ বিমানবন্দৰৰ সূত্রহ জানিবলৈ দিয়া মতে বিমানখনৰ কোনো ক্ষয়ক্ষতি হোৱা নাহ যদিও অধিক পৰীক্ষণৰ বাবে ৰানৱেত আছুতীয়াকৈ ৰখা হৈছে ৷

You might also like