নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রতিখন ৰাজ্যলৈ অসম চৰকাৰৰ পত্রঃ স্কুলীয়া পাঠ্যক্রমত বীৰ লাচিত বৰফুকনৰ অধ্যায় অন্তর্ভুক্ত কৰাৰ অনুৰোধ

নিয়মীয়া বাৰ্তা, ১২ জুন: শৌর্য–বীর্যৰ প্রতীক বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী তথা অসম বুৰঞ্জীৰ ওপৰত এক স্কুলীয়া পাঠ্যক্রম অন্তর্ভুক্ত কৰাৰ বাবে দেশৰ প্রতিখন ৰাজ্যলৈ পত্র প্রেৰণ কৰিছে অসম চৰকাৰে৷ মুখ্যতঃ অসমৰ প্রকৃত ইতিহাস ৰাষ্ট্রৰ ওচৰত দাঙি ধৰাৰ লক্ষ্যৰে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনীক উপস্থাপন কৰা হৈছে৷ এই সন্দর্ভত শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছে যে অসম চৰকাৰে অতীতৰ ত্রুটিসমূহ দূৰ কৰিবলৈ আৰু আমাৰ প্রকৃত ইতিহাস ৰাষ্ট্রৰ আগত উপস্থাপন কৰিবলৈ প্রতিশ্রুতিবদ্ধ৷ এই উদ্দেশ্যে আমি দেশৰ সকলো ৰাজ্য চৰকাৰক বীৰ লাচিত বৰফুকনৰ ওচৰত এটা অধ্যায় অন্তর্ভুক্ত কৰিবলৈ পত্র দিছোঁ৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই শেহতীয়াকৈ লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ এক অনুষ্ঠানত উল্লেখ কৰিছিল যে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী দেশৰ সকলো লোকে জ্ঞাত হোৱা উচিত৷ সেয়েহে লাচিত বৰফুকনৰ বুৰঞ্জী তথা বীৰত্বৰ কাহিনী স্কুলীয়া পাঠ্যক্রমত অন্তর্ভুক্ত কৰাৰ বাবে প্রতিখন ৰাজ্যৰ মুখ্যমন্ত্রীলৈ পত্র প্রেৰণ কৰা হ’ব৷ ৰাজ্য চৰকাৰে ইতিমধ্যে প্রেৰণ কৰা পত্রত সংশ্লিষ্ট ৰাজ্যসমূহে বিদ্যালয়ৰ পাঠ্যক্রমত অসমৰ ইতিহাসৰ মহান সেনাপতিজনৰ ওপৰত এটা অধ্যায় যাতে অন্তর্ভুক্ত কৰে, তাৰ বাবে অনুৰোধ জনোৱা হৈছে৷

You might also like