নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত বৰফুকনক লৈ চিনেমা বনোৱাৰ ইচ্ছা বলীউড অভিনেতা বিবেক অৱেৰয়ৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ অসমৰ ঐতিহাসিক বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিব বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়ে। কালি অসম আহি পোৱা অভিনেতাগৰাকীয়ে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত এক অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে।

তেওঁ জাতীয় বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে সুঁৱৰি লাচিত বৰফুকনৰ নিচিনা এজন জাতীয় বীৰক সমগ্ৰ ভাৰত বৰ্ষত ভালদৰে চিনাকি কৰাই দিয়াৰ ইচ্ছাৰে লাচিত বৰফুকনৰ নামত এখন চলচিত্ৰ নিৰ্মাণৰ কথা প্ৰকাশ কৰে।

মোগলৰ দৰে বিশাল সৈন্য বাহিনীক নৰিয়া গাৰেই যুদ্ধ কৰি পৰাজিত কৰিবলৈ সক্ষম হোৱাৰ দিশসমূহ আজিও বিশ্বত চৰ্চা নোহোৱাত দুখ প্ৰকাশ কৰে অৱেৰয়ে। বিবেক অৱেৰয়ে জনোৱা অনুসৰি, চলচ্চিত্ৰখনত ৭০ শতাংশ অসমীয়া কলা-কুশলীক ৰখাৰ বিষয়েও উল্লেখ কৰে।

You might also like