নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক বিজেপিৰ উদ্যোগত ‘পৰিয়াল সম্পৰ্ক অভিযান’ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ কাইলৈৰ পৰা বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত  মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মৰ্চাৰ ৰাজ্যিক সভাপতি তথা জিলা স্তৰত জিলা সভাপতি, মণ্ডল সভাপতিকে ধৰি অন্যান্য কাৰ্যকৰ্তাসকলে নিজ নিজ সমষ্টিত  ”পৰিয়াল সম্পৰ্ক অভিযান” কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

এই অনুষ্ঠানৰ দ্বাৰা ৰাজ্যিক বিজেপিয়ে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰিব তথা ৰাইজৰ মনোভাব জানিব পাৰিব । এই অনুযায়ী নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা,  সাংসদ তথা ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে আদি কৰি মন্ত্ৰী, সাংসদ তথা বিধায়কসকলে নিৰ্ধাৰিত সূচী অনুসৰি ভিন ভিন সমষ্টিত উপস্থিত থাকিব।

প্ৰথম কাৰ্যসূচী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি  ৰঞ্জিত কুমাৰ দাসে পুৱা ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ছাৰ্ভে বেলতলাৰ শ্বহীদ পথৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত উক্ত অভিযানৰ শুভাৰম্ভ কৰিব।

You might also like