নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰত বৃদ্ধি হ’ল ৭৬,০২০গৰাকী ভোটাৰ, পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰ ১,১০,১৩,৭৭৪গৰাকী

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ কালি ৰাজ্যৰ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ লক্ষ্যৰে মুখ্য নির্বাচন বিষয়াই খচৰা তালিকা প্রকাশ কৰিছে৷ প্রকাশ কৰা এই খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,২৪,৩৯,৫২২গৰাকী৷ ইয়াৰে ১,১৪,২৫,৭৪৮জন পুৰুষ ভোটাৰ আৰু ১,১০,১৩,৭৭৪গৰাকী মহিলা ভোটাৰ৷ মুঠ ৩৩খন জিলাক সামৰি প্রকাশ কৰা খচৰা ভোটাৰ তালিকাত সর্বাধিক ভোটাৰ থকা জিলাখন হ’ল বৰপেটা জিলা৷

জিলাখনৰ ৮টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৩,৭৫,৭৩৫গৰাকী৷ আনহাতে সবাতোকৈ কম ভোটাৰ থকা জিলাখন হ’ল পশ্চিম কার্বি আংলং৷ জিলাখনত মুঠ ভোটাৰ আছে ২,০৬,৫৭৫গৰাকী৷ উল্লেখ্য যে চলিত বর্ষৰে ফেব্রুৱাৰী মাহত প্রকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,২৩,৬৩,৫০২গৰাকী৷ যোৱা ৯ মাহত ৰাজ্যত ভোটাৰৰ সংখ্যা ৭৬,০২০গৰাকীহে বৃদ্ধি পাইছে৷

ভোটাৰ বৃদ্ধিৰ হাৰ মাত্র ০.৩৪ শতাংশ৷ আনহাতে খচৰা ভোটাৰ তালিকা অনুসৰি শিলচৰ জিলাৰ ৭টাকৈ সমষ্টিৰ মুঠ ভোটাৰ হৈছেগৈ ১২,১০,৩০৩গৰাকী কৰিমগঞ্জ জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছেগৈ ৮,৮৭,৭৬২গৰাকী ধুবুৰী জিলাত ভোটাৰৰ সংখ্যা ৯,৬৩,৯৮৪গৰাকী কামৰূপ জিলাত ১,১১,১২৪১গৰাকী গোৱালপাৰা জিলাত ৭,৩৮,৩৯০গৰাকী কামৰূপ মহানগৰ জিলাত ১০,৯৫,৩৫৮গৰাকী আৰু দৰং জিলাত ৮,২০,৬৩১গৰাকী৷

ইফালে কামৰূপ মহানগৰ জিলা উপায়ুক্ত তথা জিলা নির্বাচন বিষয়া বিশ্বজিৎ পেগুৱে কালি গুৱাহাটীৰ চাৰি সমষ্টি ক্রমে জালুকবাৰী, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু দিছপুৰৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে৷ সেই অনুসৰি ১৮ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত নতুন নাম অন্তর্ভুক্তি, সমষ্টি সলনি তথা একেটা সমষ্টিৰ ভিতৰত ভোটকেন্দ্র সলনি কৰিব বিচাৰিলে আবেদন কৰিব পাৰিব৷

You might also like