নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ কোটিটকীয়া প্রকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ কংগ্রেছৰ ৫৫ বছৰীয়া অপশাসনৰ বাবেই অসমৰ বান আৰু খহনীয়া সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিলে৷ বিগত সময়ছোৱাত কংগ্রেছৰ শাসনকালত মার্চ–এপ্রিল মাহতহে অসমৰ মথাউৰি নির্মাণ কৰি ৰাজকোষৰ ধন অপব্যয় কৰাৰ বিপৰীতে বর্তমানৰ বিজেপি চৰকাৰে নৱেম্বৰ মাহতে মথাউৰি নির্মাণৰ কাম আৰম্ভ কৰি অসমৰ বান–খহনীয়া ৰোধৰ ক্ষেত্রত বহুখিনি সফলতা অর্জন কৰিছে৷- কালি তিনিচুকীয়াৰ গুঁইজানত ১৮ কোটি টকা ব্যয়সাপেক্ষ ডিব্রু নৈৰ কাষত মটক ৰজা স্বর্গদেউ সর্বানন্দ সিংহৰ পৱিত্র সমাধিস্থল সুৰক্ষা আৰু সৌন্দর্যবর্ধনৰ লগতে অনন্ত নলাৰ খহনীয়া ৰোধৰ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

ইফালে, প্রকৃতিৰ অপূর্ব সৌন্দর্যৰে ভৰপূৰ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ লগতে মাগুৰী বিলক বিশ্বৰ পর্যটনৰ আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ প্রকৃতিৰ ঐশ্বর্যৰে ভৰপূৰ অসমৰ সৌন্দর্য আৰু গুৰুত্ব বৃদ্ধিৰে পর্যটন ক্ষেত্রখনক গুঁইজানৰ অপৰূপ দৃশ্যই বিশেষ মাত্রা দিয়াৰ লগতে ইয়ালৈ দেশ–বিদেশৰ পর্যটকৰ সোঁত ব’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে নিজ ভাষণত উল্লেখ কৰে৷

ইফালে, মটক ৰজা স্বর্গদেউ সর্বানন্দ সিংহৰ মৈদামৰ সুৰক্ষা আৰু সৌন্দর্যবর্ধনৰ ফলতো বিশ্বৰ মানচিত্রত গুঁইজান পর্যটনৰ কেন্দ্রবিন্দু হৈ পৰিব বুলি তেওঁ কয়৷ অসমৰ প্রতিটো জাতি–জনগোষ্ঠীয়েই ৰজা সর্বানন্দ সিংহৰ সমন্বয়–আদর্শৰে জীয়াই ৰাখিব লাগিব বুলি সভাত মুখ্যমন্ত্রীগৰাকীয়ে ব্যক্ত কৰে৷

উল্লেখ্য যে বিজেপিৰ নির্বাচনী প্রচাৰ সভালৈ পৰিণত হোৱা গুঁইজানৰ আজিৰ আধাৰশিলা স্থাপনৰ সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ জলসম্পদ মন্ত্রী কেশৱ মহন্ত, শ্রমমন্ত্রী সঞ্জয় কিষাণ, সাংসদ প্রদান বৰুৱা, বিধায়ক ভাস্কৰ শর্মা, প্রশান্ত ফুকন, চক্র গগৈ, বিনোদ হাজৰিকা, বিমল বৰা আদিও উপস্থিত থাকে৷ সভাৰ শেষত মুখ্যমন্ত্রীৰ লগতে মন্ত্রী–বিধায়কসকল্ নৌকা যাত্রাৰে ডিব্রু নদী পৰিভ্রমণ কৰে৷

You might also like