নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সন্মুখতে গুৱাহাটীত সাংবাদিকক দুৰ্ব্যৱহাৰ পশ্চিম বংগ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১১ মেঃ গুৱাহাটীত অনুষ্ঠিত অসম তৃণমূল কংগ্ৰেছৰ এক সভাত সাংবাদিকক দুৰ্ব্যৱহাৰ। সাংসদ অভিষেক ব্যনাৰ্জীৰ নিৰাপত্তাৰক্ষীয়ে অশালীন ব্যৱহাৰ কৰিলে কৰ্তব্যৰত সাংবাদিকক।

কেৱল এয়াই নহয় ৩ বছৰৰ পিছত সাংবাদিকক চাই লোৱাৰো ভাবুকি পশ্চিমবংগ আৰক্ষীৰ।

ইপিনে এই ঘটনাক গৰিহণা জনাইছে গুৱাহাটী প্ৰেছ ক্লাৱে। সাংবাদিকসকলক হতাহতি কৰি পশ্চিম বংগ আৰক্ষীয়ে যি দুৰ্ব্যৱহাৰ কৰিলে সেয়া গৰিহণা আৰু নিন্দাৰ যোগ্য। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিককসকলক কেৱল দুৰ্ব্যৱহাৰ কৰা বিষয়টো গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধীও। গুৱাহাটী প্ৰেছ ক্লাৱে এই ঘটনাক গৰিহণা দিয়াৰ লগতে TMCৰ শীৰ্ষ নেতৃত্বক অনুষ্ঠান বৰ্জন কৰি সাংবাদিকসকলক কৰা দুৰ্ব্যৱহাৰৰ ক্ষমা খুজিবলৈ বাধ্য কৰায় TMCৰ নেতা অভিষেক বেনাৰ্জীক। লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ ওপৰতো গুৰুত্ব দিবলৈ দাবী জনায় গুৱাহাটী প্ৰেছ ক্লাৱে।

You might also like