নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ অশোকাষ্টমী মেলাৰ সমীপত পেলনীয়া সামগ্ৰীৰ বিশাল স্তূপ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ অহা ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ধুবুৰীৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী মেলা। প্ৰতিবছৰে অশোকাষ্টমী স্নানৰ দিনা আৰম্ভ হোৱা এই মেলাখনে এইবেলি ৫৪ বছৰত ভৰি দিব। উল্লেখ্য যে, এই মেলাখনত কেৱল ধুবুৰী জিলা অথবা পশ্চিম অসমৰ উপৰিও চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰাও সমাগম ঘটে ৰাইজৰ। অশোকাষ্টমী স্নান আৰু মেলাখনৰ সৈতে সংগতি ৰাখি মেলা কমিটিৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে বাসন্তি পূজাও। পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ১৫ দিনীয়া এই মেলাখনক লৈ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী মেলা ময়দানত এতিয়াৰে পৰা আগমন ঘটিবলৈ লোৱা দেখা গেছে দূৰ-দূৰান্তৰ ব্যৱসায়ীসকলে। উল্লেখ্য যে, ইতিমধ্যে বিগত ৩ এপ্ৰিলৰ দিনা ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত অশোকাষ্টমী স্নান আৰু অশোকাষ্টমী মেলাৰ নিৰাপত্তাকে ধৰি অন্যান্য অনুষাংগিক বিষয়বোৰ লৈ এখন বৈঠকো অনুষ্ঠিত হৈ গৈছে। জিলা আয়ুক্ত দিবাকৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সেই বৈঠকখনত নিৰ্বাচনৰ আচৰণ বিধিৰ সৈতে সংগতি ৰাখি মেলাখনৰ গইনা লৈ মেলা প্ৰসংগত কোনো ধৰণৰ ৰাজনৈতিক প্ৰচাৰ তথা সভা-সমিতি পতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰাৰ বিষয়টো স্থান পোৱাৰ সমান্তৰালকৈ মেলাখনত খাদ্যজনিত বিষক্ৰিয়াৰ কোনো ঘটনা নঘটাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। কিন্তু, তাৎপৰ্যপূৰ্ণ বিষয়টো এয়াই যে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী গদাধৰ নৈৰ পাৰৰ মেলা অনুষ্ঠিত হৈ অহা সেই স্থানডোখৰৰ কাষত বহু বছৰৰ পৰাই ধুবুৰী পৌৰসভাই ধুবুৰী চহৰৰ জাৱৰ-জোঁথৰ পেলোৱাৰ ডাম্পিং গ্ৰাউণ্ডৰূপে ব্যৱহাৰ কৰি আহিছিল। অৱশ্যে বিগত কেইবা মাহৰ পৰা পৌৰসভাই ঠাইডোখৰ ডাম্পিং গ্ৰাউণ্ড ৰূপে ব্যৱহাৰ কৰা বন্ধ কৰিছে যদিও বৰ্তমানেও মেলা ময়দানৰ এফালে আছে জাৱৰ-জোঁথৰৰ স্তূপ। ইয়াতে উল্লেখনীয় এয়াও যে, প্ৰতিবছৰে মেলাখনত বিভিন্ন সৰু-বৰ দোকানৰ উপৰিও বহে বিভিন্ন ধৰণৰ হোটেল/ৰেষ্টুৰেন্ট জাতীয় বিপণন। ঠিক অনুৰূপে, পূৰ্বৰ দৰেই এইবেলিও মেলাখনত সৰু-বৰ, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ দোকান বহাটো নিশ্চিত। কিন্তু, লেতেৰা জাৱৰ-জোঁথৰৰ মাজতেই মেলাখনত বিক্ৰি কৰা সেই খাদ্য সমাগ্ৰীবোৰ কিমান স্বাস্থ্যসন্মত সেয়া নিশ্চিত কৰিবলৈ কিন্তু আজিলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা যোৱা নাই ধুবুৰী জিলা প্ৰশাসনকে ধৰি স্থানীয় খাদ্য সুৰক্ষা বিভাগে। আনকি, জনজীৱনৰ সৈতে জড়িত অতীব গুৰুত্বপূৰ্ণ এই বিষয়টো লৈ চকু মুদা কুলীৰ ভাও লোৱাহে দেখা গৈছে ধুবুৰীৰ অশোকাষ্টমী মেলা কমিটিও।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like