নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত

কুমুদ তালুকদাৰ

ফেশ্বন আৰু গ্লেমাৰৰ জগতৰ এটি চিনাকি নাম সংযুক্তা দত্ত৷ এই জগতখনত সগৌৰৱে এটা দশকৰো অধিক কাল সম্পূর্ণ কৰিলে এইগৰাকী অসম কন্যা তথা আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ডিজাইনাৰে৷ শৈশৱৰ পৰা ফেশ্বন ডিজাইনিঙৰ জগতখনৰ প্রেমত পৰা সংযুক্তা দত্তই বিগত সময়ছোৱাত অসমৰ সাজ–পোছাকক সৃষ্টিশীল ডিজাইনেৰে ন–ৰূপ প্রদান কৰি বিশ্ব দৰবাৰত পৰিচিত কৰাইছে৷ অসমৰ ৰেচম শিল্পক অধিক উন্নত প্রযুক্তিৰে মানসম্পন্ন কৰি তুলি বিশ্বৰ বিভিন্ন কোণলৈ প্রসাৰ কৰাত অগ্রণী ভূমিকা গ্রহণ কৰা ডিজাইনাৰসকলৰ ভিতৰত এতিয়া সংযুক্তা দত্ত বিশেষভাৱে উল্লেখযোগ্য৷ সংযুক্তা দত্তই অসমীয়া পাট–মুগাৰ চাদৰ–মেখেলাত নিজস্ব সৃষ্টিশীলতাৰে বিভিন্নধৰণে ব্যতিক্রমী আৰু মনোগ্রাহী ডিজাইন কৰি দেশ–বিদেশৰ মডেলৰ দ্বাৰা অসমৰ হস্ততাঁত শিল্পক উন্নত ৰূপত তুলি ধৰিছে৷ হেৰাই যাব ধৰা অসমীয়াৰ ৰেচম শিল্পক পুনৰুদ্ধাৰত সংযুক্তা দত্তৰ অহোপুৰুষার্থ বিশেষভাৱে মন কৰিবলগীয়া৷ আজিৰ পৰা প্রায় ১১ বছৰ পূর্বে তেওঁৰ এই বিশেষ সপোনটোৱে পোখা মেলিছিল বেলতলাস্থিত ‘সংযুক্তা ষুটডি’ৰ পৰা৷ তেওঁৰ ব্যতিক্রমী প্রচেষ্টাই খুউব কমদিনতে সকলোৰে দৃষ্টি, মনোযোগ কাঢ়িবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া কথা এয়ে যে সংযুক্তা দত্তই ডিজাইনিঙক পেছা হিচাপে বাছি লোৱাৰ পূর্বে তেওঁ আছিল এগৰাকী অভিযন্তা৷ ইঞ্জিনীয়াৰিঙৰ ক্ষেত্রখনৰ পৰা ডিজাইনিঙলৈ কৰা বিপৰীতমুখী যাত্রা ইমান সহজ নহ’লেও ঐকান্তিক আগ্রহ আৰু প্রচেষ্টাত তেওঁ কিন্তু সকলো কাম কমদিনতে সহজ আয়ত্তলৈ আনিছিল৷ ছাত্রী হিচাপেও অতিশয় মেধাৱী সংযুক্তা দত্তই জন্মস্থান নগাঁৱতে অতিবাহিত কৰিছিল শৈশৱ৷ নগাঁও চহৰৰ পানীগাঁৱত জন্মগ্রহণ কৰা ডিজাইনাৰগৰাকীয়ে নগাঁও চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিকৰ পৰা মেড্রিকত উত্তীর্ণ হোৱাৰ পিছত নগাঁও মহাবিদ্যালয়ৰ পৰা দ্বাদশ শ্রেণীত সুখ্যাতিৰে উত্তীর্ণ হয়৷ ইয়াৰ পিছতে তেওঁ অভিযান্ত্রিক শিক্ষা গ্রহণ কৰে৷ কিন্তু সেই সময়তে তেওঁৰ শৈশৱৰ পৰা দেখি অহা সপোনটিয়ে উক দিয়ে৷ সৰুৰে পৰা মেখেলা–চাদৰ ভালপোৱা সংযুক্তা দত্ত ডাঙৰ হোৱাৰ পিছত ফুৰিবলৈ গ’লে এটা কথাই আমনি কৰিবলৈ ল’লে যে অসম চিল্কৰ কথা সীমিত সংখ্যক মানুহেহে জানে৷ অথচ অন্য চিল্ক, যেনে– কাঞ্জিপুৰম, বাংগালুৰুৰ চিল্ক আদিৰ বিষয়ে দেশৰ প্রায়সংখ্যক মানুহেই জানে৷ এই কথাটোৱে তেওঁক অন্তৰত বৰকৈ আঘাত দিছিল৷ সেইবাবে তেতিয়াৰ পৰাই অসম চিল্কৰ বাবে কাম কৰাৰ এক তাডনা অনুভৱ কৰিছিল৷ তেওঁ মূলতঃ অসম চিল্ক আৰু তেওঁৰ বিভিন্ন ব্যতিক্রমী ডিজাইনৰ মেখেলা–চাদৰৰ প্রচাৰ আৰু প্রসাৰৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰিলে৷ অসমৰ মুগাৰ মেখেলা–চাদৰ আৰু অসম হস্ততাঁত–বস্ত্রশিল্ উদ্যোগটোৰ বাবে কিবা এটা কৰাৰ হেঁপাহতে এদিন তেওঁ এই ক্ষেত্রখনলৈ আকর্ষিত হয়৷ নিজে কিবা এটা কৰাৰ হাবিয়াসেই তেওঁক এই ব্যতিক্রমী অথচ অতি গুৰুত্বপূর্ণ কামটোত নিৰন্তৰ উঠিপৰি লাগি থকাত সাহস আৰু প্রেৰণা যোগাইছে৷ তেওঁৰ বাবে এয়া আছিল এক আৱেগ আৰু এই আৱেগৰ পিছতেই অহর্নিশে দৌৰিছিল৷ ইয়াৰ বাবে আনকি তেওঁ প্রথম শ্রেণীৰ ৰাজপত্রিত বিষয়াৰ চৰকাৰী চাকৰিও বাদ দিছিল৷ তেওঁ এটা কথা সদায় লক্ষ্য কৰিছিল যে অসমত মেখেলা–চাদৰক নতুনকৈ জনপ্রিয় কৰিবলগীয়া নাই৷ সেইবাবে তেওঁ অসমৰ বাহিৰত, আনকি দেশৰ বাহিৰত অসমৰ মেখেলা–চাদৰ জনপ্রিয় কৰাৰ লক্ষ্য নির্ধাৰণ কৰে৷ ইয়াৰ বাবে তেওঁ ভাৰতৰ সর্বাধিক বৃহৎ লেকমি ফেশ্বন উইক আৰু এফডিচিআই ফেশ্বন উইকত অংশগ্রহণ কৰি ব্লগাৰৰ দৃষ্টি আকর্ষণ কৰাৰ কথা ভাবিলে৷ অশেষ পৰিশ্রম আৰু সাধনাৰ অন্তত তেওঁ ২০১৫ চনত প্রথমবাৰ লেকমি ফেশ্বন উইকত অংশগ্রহণৰ সুবিধা লাভ কৰে৷ অৱশ্যে এইপর্যন্ত তাত বহুকেইবাৰ অংশগ্রহণ কৰাৰ সুযোগ পাইছে৷ ইয়াৰ পিছত তেওঁ উভতি চাবলগীয়া হোৱা নাই৷ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত সমাদৰ লাভৰ বাবে সংযুক্তা দত্তই বিভিন্ন পৰম্পৰাগত আৰু বিভিন্ন প্রিণ্টৰ সংমিশ্রণত কাপোৰত ডিজাইন কৰিবলৈ ধৰে৷ ডিজাইনিঙৰ বাবে বাছি লয় অসমৰ ৰেচমী কাপোৰক৷ মেখেলা–চাদৰতেই বিশেষভাৱে তেওঁ ডিজাইন কৰিবলৈ ধৰে আৰু লাহে লাহে তেওঁৰ ডিজাইনে সকলোৰে সমাদৰ লাভ কৰিবলৈ ল’লে৷ উল্লেখ্য যে সংযুক্তা দত্তই প্রথমগৰাকী অসমীয়া ডিজাইনাৰ, যিয়েLakme Fashion Week–ত অসমৰ ৰেচমী শিল্পক বাহিৰৰ জগতখনত তুলি ধৰে৷ কেৱল ভাৰততেই নহয়, তেওঁ বহু আন্তঃৰাষ্ট্রীয় ফেশ্বন উইকত অংশগ্রহণ কৰিছে৷ বিশেষকৈFDCI, লণ্ডন ফেশ্বন উইক আৰু শেহতীয়াকৈ সংযুক্তা দত্তই নিউৱর্ক ফেশ্বন উইকতো অংশগ্রহণ কৰিছে৷ নিউৱর্ক ফেশ্বন উইক ডিজাইনাৰসকলৰ বাবে এনে এক প্লেটফর্ম, য’ত বিশ্বৰ বিভিন্ন স্থানৰ পৰা ডিজাইনাৰসকল আহি উপস্থিত হয় আৰু তেওঁলোকে নিজা ডিজাইনসমূহ তুলি ধৰে৷ বিশ্বৰ সর্ববৃহৎ ফেশ্বন উইক নিউয়র্ক ফেশ্বন উইক, পেৰিছ ফেশ্বন উইক, মিলান ফেশ্বন উইকত যোগদান কৰি অসমৰ মেখেলা–চাদৰক প্রতিষ্ঠা আৰু জনপ্রিয় কৰাৰ লগতে অসমৰ বস্ত্র উদ্যোগটোক যেন নতুন ধৰণেৰে প্রতিষ্ঠা কৰে৷ সেই ফেশ্বন উইকতেই বিশেষজ্ঞসকলে সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰৰ উচ্চ প্রশংসা কৰিছে৷ ইফালে, সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ জিলিকি উঠিছিল কাঁ মহোৎসৱতো৷ সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ পিন্ধিয়েই ৰেড কার্পেটত খোজ দিছিল কেইবাগৰাকীও জনপ্রিয় মডেলে৷ শেহতীয়াকৈ ২০২৩ বর্ষৰ মার্চ মাহত অনুষ্ঠিত পেৰিছ ফেশ্বন উইকতো জিলিকি উঠিছিল সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া ৰেচম শিল্প তথা অসমীয়া মহিলাৰ আৱেগ মেখেলা–চাদৰ৷ তদুপৰি ভেনিচ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, ৰোম ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ৰেড কার্পেটত তেওঁৰ হাতৰ আটকধুনীয়া সৃষ্টি মেখেলা–চাদৰ পৰিধান কৰি ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী খ্যাতনামা ম’ডেলে প্রদর্শন কৰিছে৷ এই কার্যৰ দ্বাৰা তেওঁ নিজৰ মনৰ মাজৰ সপোনটিক সাকাৰ ৰূপ দিয়াৰ লগতে অসমৰ হৈ কিবা কৰিবলৈ পোৱাৰ বাবে অতিশয় আনন্দিত৷ উল্লেখযোগ্য যে বিশ্বৰ আগশাৰীৰ ফেশ্বন মেগাজিন ‘ভগ’, ‘এলি’, ‘মেৰি ক্লেয়াৰ’, ‘এল’ফিচিয়েল’ আদিত খ্যাতিমান ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হাতত নিতে নতুন ৰূপ পোৱা অসমৰ ৰেচম শিল্প তথা উন্নতমানৰ অসমীয়া চাদৰ–মেখেলাৰ উচ্চ প্রশংসা কৰি সমগ্র বিশ্ববাসীৰে দৃষ্টিআকর্ষণ কৰিছে৷ তেওঁ মনে বিচৰা কামটোত যাতে নিজকে সম্পূর্ণৰূপে উৎসর্গিত কৰিব পাৰে তাৰ বাবেই প্রথম শ্রেণীৰ ৰাজপত্রিত বিষয়াৰ চাকৰিটোও ত্যাগ কৰে৷ অসম পর্যটন উন্নয়ন নিগমৰ উচ্চপদস্থ বিষয়া তথা স্বামী ভাস্কৰজ্যোতি বৰুৱা আৰু একমাত্র কন্যা আলফুলৰ সৈতে তেওঁলোকৰ সুখী সংসাৰ৷ ভৱিষ্যতে অসমৰ ৰেচম শিল্পক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰি অসমৰ মেখেলা–চাদৰক গুণগত আৰু মানসম্পন্ন কৰি তোলাৰ লক্ষ্য আৰু সপোন বুকুত বান্ধি আগবঢ়া সংযুক্তা দত্তৰ ষুটডি’ত বিভিন্ন পর্যায়ৰ শতাধিক কর্মচাৰীয়ে দিনে–নিশা কাম কৰি ৰেচম শিল্প উদ্যোগটোক যথার্থতে আগবঢ়াই নিছে৷ এনে এগৰাকী অনুকৰণীয় ব্যক্তিত্বৰ উদ্যোগী আৰু সাহসী মহিলাৰ ডিজাইন প্রতিষ্ঠান ‘সংযুক্তা ষুটডিঅ’ই ৮ এপ্রিলত ১১ বছৰ অতিক্রম কৰিবলগীয়া খবৰে তেওঁৰ অনুৰাগীসকলৰ মাজত স্বাভাৱিকতেই সন্তুষ্টি আৰু অনাবিল আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে৷

ফোন : ৮৬৩৮৪–১৪৯৫৪

You might also like