নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠ আৰক্ষীৰ অভিযানঃ বেহাৰবাৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলসহ দুখন ট্রাক জব্দ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ী চক্রৰ সুৰক্ষিত কৰিড’ৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ চুপাৰি, কয়লা, গৰুৰ পিছত এইবাৰ গুৱাহাটীৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ নিয়মীয়াকৈ অবাধ হাৰত সৰবৰাহ হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল৷ শনিবাৰে পুৱতি নিশা বশিষ্ঠ আৰক্ষীয়ে বেহাৰবাৰীত পিডিএছৰ চাউলভর্তি এএছ–০১এনচি–২০৩১ আৰু এনএল– ০২এল–৩৪১৭ নম্বৰৰ ট্রাক দুখন জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য৷

বশিষ্ঠ আৰক্ষীয়ে চোৰাং চাউলভর্তি ট্রাক দুখন জব্দ কৰে যদিও এজন ট্রাকচালক পলাই যাবলৈ সক্ষম হয়৷ আৰক্ষীৰ জালত পৰা ট্রাকচালকজনে চাউলখিনি বৰপেটাৰ টিকেন দাস নামৰ এজন লোকৰ বুলি স্বীকাৰ কৰিছে৷ অৱশ্যে ৰাজনৈতিক আশিসপুষ্ট এটা শক্তিশালী চক্রই ৰাজ্যৰ দৰিদ্র লোকৰ বাবে অহা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল নিয়মীয়াকৈ মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷

অভিযোগ অনুসৰি দীর্ঘদিন ধৰি বৰপেটাৰ জয়ন্ত কুমাৰ দাস নামৰ লোকজনে পিডিএছৰ চাউলৰ ছিণ্ডিকেট চলাই আহিছে৷ বৰপেটাৰ জয়ন্তই গঢ়ি তোলা পিডিএছ চাউলৰ ছিণ্ডিকেটত নামনি অসমৰ এজন প্রভাৱশালী মন্ত্রীৰ আত্মীয়ৰ নামো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে৷

বৰপেটাৰ জয়ন্ত কুমাৰ দাসে নামনি অসমলৈ অহা পিডিএছৰ চাউল একাংশ বিষয়া আৰু সমবায় সমিতিৰ সৈতে বুজাবুজিৰে নিজৰ গুদামলৈ আনি পেকেজিং কৰি গুৱাহাটী হৈ মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ এই ছিণ্ডিকেট চক্রটোৰ সৈতে গুৱাহাটীৰ জনৈক ডেকাই নতুনকৈ জড়িত হৈ গুৱাহাটীৰ পৰা মেঘালয়লৈ পিডিএছৰ চোৰাং চাউলভর্তি ট্রাকসমূহ আৰক্ষী–প্রশাসনক মেনেজ কৰি পাৰ কৰি আহিছে৷ এই চক্রটোৱে মহানগৰীত আন ছিণ্ডিকেট স্থাপনৰো চেষ্টা অব্যাহত ৰাখিছে৷

শনিবাৰে বশিষ্ঠত আৰক্ষীয়ে দুখনকৈ পিডিএছৰ চোৰাং চাউলভর্তি ট্রাক জব্দ কৰাৰ পিছতে ছিণ্ডিকেট চক্রটোৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হয়৷ ট্রাকচালকে চাউলখিনি বৰপেটাৰ টিকেন দাসৰ বুলি আৰক্ষীক স্বীকাৰোক্তি দিছে যদিও প্রকৃততে পিডিএছৰ চোৰাং চাউল ছিণ্ডিকেট চক্রৰ মাষ্টাৰমাইণ্ড জয়ন্ত কুমাৰ দাসৰ গুদামৰ পৰাই এই ট্রাক দুখন অহাৰ অভিযোগ উত্থাপন হৈছে৷ পিডিএছৰ সামগ্রীৰ চোৰাং বেহা চলাই নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়া জয়ন্ত কুমাৰ দাসে এতিয়া ট্রাক দুখন মোকলাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ পিডিএছৰ চাউলভর্তি ট্রাক দুখন মোকলাই নিবলৈ ৰাজনৈতিক আশিসপুষ্ট ছিণ্ডিকেট বাহিনীয়ে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰেও সঘন যোগাযোগ অব্যাহত ৰখা বুলি সর্বত্র চর্চা চলিছে৷

গুৱাহাটীৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ পিডিএছৰ চাউলৰ চোৰাং বেহা চলোৱা জয়ন্ত কুমাৰ দাস আৰু জনৈক ডেকা বাহিনীৰ বিৰুদ্ধে অসম আৰক্ষী আৰু ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like