নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধী জয়ন্তী উপলক্ষে সপ্তাহজোৰা স্বচ্ছ ভাৰত অভিযান

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্র দেশতে ভাৰতৰ প্রধানমন্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২২ ছেপ্টেম্বৰৰ পৰা সপ্তাহজোৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছে ৷ পশ্চিম নলবাৰীতো সকলো অনুষ্ঠান-প্রতিষ্ঠান, দোকান, বজাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান সকলোতে স্বচ্ছ ভাৰত অভিযান কার্যসূচীৰে মহাত্মা গান্ধীক স্মৰণ কৰিছে ৷ মহাত্মা গান্ধীয়ে এনে এখন ভাৰতৰ সপোন দেখিছিল, যি কেৱল মুক্তই নহয়, পৰিষ্কাৰ আৰু বিকশিত আছিল, মহাত্মা গান্ধীয়ে ভাৰত মাতৃৰ বাবে স্বাধীনতা সুনিশ্চিত কৰিছিল ৷ গতিকে ভাৰত মাতৃক সেৱা কৰিবলৈ দেশখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো কর্তব্য বুলি ভাবিয়ে এনেবোৰ কার্যসূচী হাতত লৈছে ৷ আজি বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি সঁজাতী দলে অঞ্চলটোৰ প্রায়বোৰ পানী যোগান আঁচনিত উপস্থিত হৈ ঠাইসমূহ পৰিষ্কাৰ কৰি তোলা দেখা যায় ৷ আজি কুলবিল পানী যোগান আঁচনিত উপস্থিত হৈ চুবুৰিৰ পুৰুষ-মহিলাসকলক লগত লৈ পানীযোগান আঁচনিখন পৰিষ্কাৰ কৰাৰ লগতে সমূহীয়াভাৱে সংকল্প গ্রহণ কৰে ৷ অনুষ্ঠানত কুলবিল পানী যোগান আঁচনি পৰিচালনা সমিতিৰ সম্পাদক তপন কুমাৰ শর্মাই আঁত ধৰা অনুষ্ঠানত বিভাগীয়ভাৱে উপস্থিত থাকে বেলশৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কর্মচাৰী মুকুল শর্মা, দীনেশ বর্মন আৰু মনোৱাৰ হুছেইনৰ লগতে ৰাইজ ৷
প্রেৰক তপন কুমাৰ শর্মা
You might also like