নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PK ক’ত? কাৰ ফোনকলত দিবন ডেকাক এৰি দিছিল চিআইডিয়ে

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ চৰকাৰী চাকৰিৰ গোপন বেহা পাতি লাখ লাখ শিক্ষিত নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা দালাল চক্রৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাৰ ব্যাপক অভিযান অব্যাহত আছে৷ কিন্তু বর্তমানপর্যন্ত সন্ধান উলিয়াব পৰা নাই অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই)পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড ৰূপে চিহ্ণিত বিতর্কিত বিজেপি নেতা দিবন ডেকা আৰু কুখ্যাত অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্তৰ৷ এক কথাত ক’বলৈ গ’লে সমগ্র ৰাজ্য তোলপাৰ লগোৱা এই বিয়াগোম কেলেংকাৰিৰ দুই মাষ্টাৰ মাইণ্ডৰ অৱস্থান এতিয়াও ৰহস্যৰ আৱর্তত৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চি আই ডি) আৰু ক্রাইম ব্রাঞ্চে কিয় দালাল চক্রটোক নেতৃত্ব দিয়া ব্যক্তি দুজনৰ সন্ধান উলিয়াব পৰা নাই?

সম্প্রতি এই প্রশ্ণটোৱে সর্বসাধাৰণ ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে ৫৯৭টা এছ আই পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দিনাই অর্থাৎ ২০ ছেপ্ঢেম্বৰত প্রশ্ণকাকত ফাদিলত মুখ্য ভূমিকা লোৱাৰ অভিযোগ উঠা দিবন ডেকা চি আই ডিৰ কব্জাত পৰিছিল৷ কিন্তু চি আই ডিয়ে দিবন ডেকাক হাতত পায়ো এৰি দিয়া বিষয়টোক লৈ আন এক ৰহস্য সৃষ্টি হৈছে৷ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে সংবাদ মাধ্যমৰ আগত ইতিমধ্যে স্পষ্টভাৱে সদৰী কৰা অনুসৰি তেওঁ নিজেই দিবন ডেকাৰ লগতে গৌতম মেছ নামৰ আন এজন যুৱকক চি আই ডিৰ ওচৰলৈ লৈ গৈছিল৷ অকল লৈ যোৱাই নহয়, দুয়োকে লগত লৈ প্রশ্ণকাকত ফাদিল সন্দর্ভত আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে চি আই ডিত দাখিল কৰিছিল এজাহাৰ৷ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা ভাষ্য এনেধৰণৰ– সেই দিনা দিনৰ ১১.৪০ বজাত এজন ব্যক্তিয়ে মোক ফোন কৰি ক’লে যে পৰীক্ষাৰ এখন প্রশ্ণকাকত ৰাজহুৱা হৈছে৷ লগে লগে মই তেওঁক প্রশ্ণকাকতখন মোলৈ পঠিয়াবলৈ ক’লোঁ৷ ১১.৫০ বজাত হোৱাট্ছএপযোগে তেওঁ প্রশ্ণকাকতখন মোলৈ পঠিয়াই দিয়ে৷ প্রশ্ণকাকতৰ এটা অফিচ কপী আমাৰ হাতত থাকে৷ মই অফিচ কপীটোৰ ছীল খুলি দুয়োখন কাকত মিলাই চালোঁ৷ তেতিয়া দেখিলোঁ যে মোলৈ পঠিওৱা প্রশ্ণকাকতখনেই প্রকৃত প্রশ্ণকাকত৷ ডাঙৰ কথাটো হ’ল শুদ্ধ উত্তৰত টিক মার্ক দিয়া আছিল৷ ইয়াৰ অর্থটো হৈছে দুঘণ্টামান পূর্বেই প্রশ্ণকাকত ৰাজহুৱা হৈছে৷ গৌতম মেছ নামৰ এজন যুৱকে মোলৈ প্রশ্ণকাকতখন পঠিয়াইছিল৷ গৌতম মেছক প্রশ্ণকাকতখন ক’ৰ পৰা পোৱা বুলি সোধাত তেওঁ এজন ডেকা উপাধিৰ ব্যক্তিৰ কথা ক’লে৷ মই তেতিয়া দুয়োকে মাতি পঠিয়াওঁ৷ ইয়াৰ পাছত দুয়োকে লৈ মই চি আই ডিত এফ আই আৰ দাখিল কৰোঁ৷ ইয়াৰ পাছতো অনুসন্ধানৰ খাতিৰত দিবন ডেকাক আটক নকৰি কিয় এৰি দিলে, সেইটো আজিৰ তাৰিখত বুজিব নোৱাৰা সাঁথৰ হৈ পৰিছে৷

চর্চা অনুসৰি চি আই ডিৰ কার্যালয়ত দিবন ডেকা আৰু গৌতম মেছ থকাৰ সময়তে অনুসন্ধানকাৰী সংস্থাটোৰ সংশ্লিষ্ট বিষয়ালৈ দিছপুৰৰ এজন প্রভাৱশালী ব্যক্তিয়ে ফোন কৰে৷ এই ফোনকলটো পোৱাৰ পাছতেই প্রশ্ণকাকত ফাদিলৰ অন্যতম মাষ্টাৰ মাইণ্ড দিবন ডেকাক চি আই ডিৰ কার্যালয়ৰ পৰা যোৱাৰ অনুমতি দিয়া হয়৷ দিছপুৰৰ কোন প্রভাৱশালী ব্যক্তিৰ ফোনকলত চি আই ডিৰ সংশ্লিষ্ট বিষয়ালৈ দিবন ডেকাক হাতত পায়ো এৰি দিলে, তাক লৈও এতিয়া ব্যাপক চর্চা হৈছে৷ অসম আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি, প্রশ্ণকাকত ফাদিলক লৈ পাছত যেতিয়া ৰাজ্যজুৰি হাহাকাৰ লাগিল, তেতিয়া অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ দিবন ডেকাক কৰায়ত্ত কৰাৰ জৰুৰী বার্তা প্রেৰণ কৰে৷ এই বার্তাটোত দিবন ডেকাৰ ফটোও সংলগ্ণ কৰি দিয়া হৈছিল৷ সেইমর্মে আৰক্ষীৰ তৰফৰ পৰা দিবন ডেকাৰ ম’বাইল ফোনৰ লোকেচন ট্রেছ কৰা হয়৷ শেষবাৰৰ বাবে ২০ ছেপ্ঢেম্বৰৰ নিশাৰ ভাগত ক্ষেত্রী অঞ্চলত দিবন ডেকাৰ ম’বাইল ফোনৰ লোকেচন পোৱা গৈছিল৷ কিন্তু ইয়াৰ পাছৰে পৰা বিতর্কিত বিজেপি নেতাজনৰ ম’বাইল ফোনৰ ছুইছ অফ হৈ আছে৷ প্রশ্ণ হৈছে– দিবন ডেকাই ক’ত আত্মগোপন কৰি থাকিব পাৰে? এই সন্দর্ভত সূত্রটোৱে সন্দেহ কৰা অনুসৰি নগাঁও–কার্বি আংলং হৈ অথবা হোজাই হৈ দিবন ডেকাই নাগালেণ্ডত প্রৱেশ কৰাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে যোৱা ২৪ ছেপ্ঢেম্বৰত দিবন ডেকাই ফেচবুকযোগে দিয়া এটা পোষ্টত নিজেই অসম এৰি আন ৰাজ্যত থিতাপি লৈ থকাৰ কথা সদৰী কৰিছিল৷ ফেচবুক পোষ্টটোত তেওঁ এক তাৎপর্যপূর্ণ কথাও উল্লেখ কৰিছিল৷

প্রশ্ণকাকত ফাদিল প্রসংগত ফেচবুকযোগে দিবন ডেকাই কয় যে অসম আৰক্ষীৰ যিটো চক্রই প্রশ্ণকাকত ফাদিল কৰিছে, তাত বহু ডাঙৰ মানুহ জড়িত হৈ আছে৷ উক্ত চক্রটোত অসম আৰক্ষীৰ বহুকেইজন অসৎ বিষয়া জড়িত হৈ আছে৷ তাত এনেকুৱা এজন বিষয়াও জড়িত হৈ আছে, যিজনে বহু মানুহক গুপ্তহত্যা কৰিছে৷ এতিয়া প্রশ্ণ হ’ল– দিবন ডেকাই উল্লেখ কৰা ‘ডাঙৰ মানুহ’ আৰু অসম আৰক্ষীৰ ‘অসৎ বিষয়া’সকল কোন কোন? ইফালে প্রশ্ণকাকত ফাদিলৰ আনজন মাষ্টাৰ মাইণ্ড অসম আৰক্ষীৰ কুখ্যাত অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্তৰো শুংসূত্র উলিয়াব পৰা নাই তদন্তকাৰী সংস্থাই৷ অসম আৰক্ষীত কার্যনির্বাহ কৰি থকাৰ সময়ত বিভিন্ন অসৎ পন্থাৰে নামে–বেনামে অগাধ সম্পত্তিৰ পাহাৰ গঢ়া পি কে দত্তৰ সন্ধানত চি আই ডি আৰু ক্রাইম ব্রাঞ্চে গুৱাহাটীৰ বাসভৱন–হোটেলৰ লগতে ডিব্রুগড়তো ধাৰাবাহিক অভিযান চলাইছে৷ পিছে পি কে দত্তৰ ছাঁটোকে উলিয়াব পৰা নাই৷ চর্চা অনুসৰি পি কে দত্তই গুৱাহাটীৰ পৰা নির্বিঘ্ণে শিলিগুৰি হৈ পলাই গৈ বর্তমান আত্মগোপন কৰি আছে নেপালৰ কাকৰভিটাত৷ আন একাংশৰ মাজত আকৌ পি কে দত্তই নতুন দিল্লীলৈ যোৱা বুলিও চর্চা হৈছে৷ পিছে নেপাল বা নতুন দিল্লী যি স্থানেই নহওক কিয়, অসম আৰক্ষীৰ বেহু ভাঙি পি কে দত্তই কেনেদৰে পলায়ন কৰিবলৈ সক্ষম হ’ল? এইক্ষেত্রত অসম আৰক্ষীৰ একাংশ শীর্ষ বিষয়াই কুখ্যাত পি কে দত্তক সহায় কৰাৰ সন্দেহ উপজিছে সর্বসাধাৰণৰ মাজত৷

এক বিশেষ সূত্রই সদৰী কৰা অনুসৰি ২০ ছেপ্ঢেম্বৰত এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ পাছতে ৰাজ্যত তোলপাৰ লগাৰ লগে লগে হেঙেৰাবাৰীস্থিত নিজ বাসভৱনৰ পৰা বৃহৎ পৰিমাণৰ টকাকে ধৰি কেতবোৰ সামগ্রী ঘনিষ্ঠ সহযোগীৰ সহায়ত পি কে দত্তই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে৷ ইয়াৰ পাছত তেওঁ নিজৰ বাসভৱন এৰি বৰবাৰীস্থিত প্রতীক্ষা হাস্পতালৰ কাষত থকা এজন ঘনিষ্ঠ ব্যক্তিৰ ঘৰত আশ্রয় লয়৷ তাত এদিন থাকি তেওঁ আত্মগোপন কৰে আন স্থানত৷ পিছে এতিয়ালৈকে তদন্তকাৰী সংস্থাই সেই নির্দিষ্ট স্থানৰ সন্ধান উলিয়াব নোৱাৰাটোহে গুৰুত্বপূর্ণ বিষয় ৰূপে বিবেচিত হৈছে৷ মন কৰিবলগীয়া যে স্বয়ং মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ বিষয়টোত দৃঢ় স্থিতি গ্রহণ কৰি ইয়াৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰিবলৈ কঠোৰ নির্দেশ দিছে৷ মুখ্যমন্ত্রী সোণোৱালৰ নির্দেশমর্মে চি আই ডি আৰু ক্রাইম ব্রাঞ্চে ধাৰাবাহিক অভিযান চলাই কেইবাজনো লোকক জালত পেলাবলৈ সক্ষম হৈছে যদিও দুই মাষ্টাৰ মাইণ্ডৰ সন্ধান উলিয়াব নোৱাৰাটোক লৈ তদন্ত প্রক্রিয়াই কিমান সফলতা লাভ কৰিব, তাত সন্দেহ সৃষ্টি হৈছে৷

You might also like