নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকাৰ ভতিজাসহ যুৱকক হত্যা, নিখোজ সংগী

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ  শুৱালকুছি থানাৰ অন্তর্গত সৰু শ্রীহাটীৰ প্রাণজিৎ ৰাজবংশী (২৭) নামৰ যুৱক এজনৰ ক্ষত–বিক্ষত মৃতদেহ যোৱানিশা প্রায় ৭.৩০ বজাত কলাজল নৈৰ সমীপত আৰু শুৱালকুছিৰ ১১ বছৰীয়া ছাত্র এজনৰ মৃতদেহ আজি আবেলি নৈখনত উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ দুয়োটা হত্যাকাণ্ডই শুৱালকুছিত জোকৰণি তুলিছে৷ প্রাপ্ত তথ্য মতে, টাইল্ছৰ কাম কৰা মিস্ত্রী প্রাণজিতে কাম শেষ কৰি কালি সন্ধিয়া প্রায় ৫.৩০ বজাত ঘৰৰ পৰা এ এছ–০১ ডি এ–২৬৩৫ নম্বৰৰ বাইক এখনেৰে শুৱালকুছিৰ কাঞ্চন নগৰত থকা প্রেয়সীৰ ঘৰলৈ যায়৷ তাত অলপ সময় থকাৰ পাছতে প্রেয়সীৰ ভতিজা অভিজিৎ দাসক (১১) লৈ প্রাণজিৎ বংশৰলৈ যায়৷ বংশৰৰ নয়ন নামৰ আন এজন মিস্ত্রীৰ সৈতে তিনিওজনে এখন বাইকতে কলাজল নৈৰ পাৰলৈকে যোৱা বুলি প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়ে৷ তাৰ কিছু সময় পাছতে অর্থাৎ ৭.৩০ বজাত বংশৰ বেলৰতল চ’কেৰে দমদমালৈ যোৱা লোকে এখন বাইকৰ কাষত এটা মৃতদেহ পৰি থকা দেখি শুৱালকুছিৰ আৰক্ষীক খবৰ দিয়ে৷ সেই সময়ত ধাৰাসাৰ বৰষুণ দি আছিল৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰিব নোৱাৰি থানালৈ আনে৷ লগতে বাইকখনো লৈ আহে৷

মৃতদেহৰ কোনো গৰাকী নোলোৱাত আৰক্ষীয়ে আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ ইফালে পৰিয়ালৰ লোকে বিচাৰ–খোঁচাৰ কৰিও যুৱক আৰু শিশুটিৰ কোনো সন্ধান লাভ কৰিব পৰা নাছিল৷ পিছত ছ’চিয়েল মিডিয়াত মৃতদেহৰ ফটো ভাইৰেল হৈ পৰাত পৰিয়াল লোকে গম পাই আৰক্ষীৰ লগত যোগাযোগ কৰে আৰু মৃতদেহটো প্রাণজিতৰ বুলি নিশ্চিত হয়৷ আৰক্ষীয়ে জনোৱা মতে, মৃতদেহৰ মূৰত চোকা অস্ত্রৰ কেইবাটাও আঘাতৰ চিন স্পষ্ট হৈ আছে৷

আৰক্ষীৰ মতে, কোনোবাই হত্যা কৰি যুৱকজনক তেনেদৰে পেলাই থৈ গৈছে৷ ইফালে আবেলি আৰক্ষীৰ অভিযানত নিৰুদ্দিষ্ট হৈ থকা শিশু অভিজিতৰ মৃতদেহ হাত–ভৰি বান্ধি থোৱা অৱস্থাত কলাজল নৈত উদ্ধাৰ হয়৷ মৃত শিশুটি শুৱালকুছি বালক মজলীয়া বিদ্যালয়ৰ পঞ্চম শ্রেণীৰ ছাত্র আছিল৷ বাতৰি যুগুতোৱাৰ সময়লৈকে আনজনমিস্ত্রী নয়নৰ কোনো সন্ধান পৰিয়ালৰ লোকে লাভ কৰা নাই৷ তেওঁৰ ম’বাইলৰ ছুইছ অফ হৈ আছে৷ ঘটনা সন্দর্ভত প্রাণজিতৰ পিতৃ মদন ৰাজবংশী আৰু ছাত্রজনৰ মাতৃ পূর্ণিমা দাসে শুৱালকুছি থানাত এজাহাৰ দাখিল কৰিছে৷ শুৱালকুছিৰ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি ঘটনাটোৰ সম্ভেদৰ বাবে জোৰ তদন্ত অব্যাহত ৰাখিছে৷

আৰক্ষীৰ মতে, অচিৰেই সমস্ত ঘটনা পোহৰলৈ আহিব৷ কোনে কি কাৰণত সাধাৰণ মিস্ত্রী কাম কৰি জীৱন নির্বাহ কৰা যুৱকজনক আৰু শিশু ছাত্রজনক হত্যা কৰিলে, তাৰ কোনো শুংসূত্র পোৱা নাই৷ আৰক্ষীৰ তদন্ততহে প্রকৃত ঘটনা পোহৰলৈ আহিব৷ এই ঘটনাটোৱে সৰু শ্রীহাটীৰ লগতে শুৱালকুছি অঞ্চলত গভীৰ শোকৰ ছছা পেলাইছে৷ একমাত্র শিশু পুত্রক এনেদৰে হেৰুৱাই বিধৱা মাতৃগৰাকী শোকত ভাগি পৰিছে৷

You might also like