নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

HS-ৰ ফলাফলত জিলা ভিত্তিত শীৰ্ষস্থানত জিলিকিল কোন জিলা

উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে শাখাভিত্তিকভাৱে জিলাসমূহৰ উত্তীৰ্ণৰ হাৰৰ তালিকা প্ৰকাশ পাইছে। Assam State School Education Board-এ প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন শাখাত বিভিন্ন জিলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

কলা শাখাত ৯৪.২৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বাক্সা জিলা প্ৰথম স্থানত আছে। ৯২.৯৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দৰং জিলা দ্বিতীয় স্থানত আৰু ৯০.৩৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে লখিমপুৰ জিলা তৃতীয় স্থানত আছে। ৫৯.৮৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে কাছাৰ জিলা সৰ্বনিম্ন স্থানত আছে।

বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে মাজুলী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা যৌথভাৱে শীৰ্ষ স্থানত আছে। ৯৮.৯৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তামুলপুৰ জিলা দ্বিতীয় স্থানত আৰু ৯৬.৪৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বজালী জিলা তৃতীয় স্থানত আছে। ৬৮.২৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধুবুৰী জিলা সৰ্বনিম্ন স্থানত আছে।

বিজ্ঞান শাখাত ৯৮.৩৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তামুলপুৰ জিলা শীৰ্ষ স্থানত আছে। ৯৮.৩৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে কাৰ্বি আংলং জিলা দ্বিতীয় স্থানত আৰু ৯৭.৯৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বাক্সা জিলা তৃতীয় স্থানত আছে। আনহাতে ৭০.০৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলা এই শাখাত সৰ্বনিম্ন স্থানত আছে।

বৃত্তিমুখী শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিশ্বনাথ, মাজুলী আৰু শিৱসাগৰ জিলা যৌথভাৱে শীৰ্ষ স্থানত আছে। ৯৭.৮৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দৰং জিলা দ্বিতীয় স্থানত আৰু ৯৬.১৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বৰপেটা জিলা তৃতীয় স্থানত আছে। মাত্ৰ ৯.০৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা এই শাখাত সৰ্বনিম্ন স্থানত আছে।

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like