নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰ্টথ্ৰব জুবিন গাৰ্গক মুখাগ্নি কৰা কোন এই অৰুণ গাৰ্গ?

গুৱাহাটীৰ খানাপাৰাৰ নিলগৰ যোৰাবাটৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্তিম সৎকাৰ সম্পন্ন কৰাৰ পৰিকল্পনা কৰাৰ পাছতে চৰ্চা আৰম্ভ হৈছিল অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা সময়ত কোনে মুখাগ্নি কৰিব৷

পৰৱৰ্তী সময়ত  প্ৰকাশ হ’ল শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে মুখাগ্নি কৰিব আৰু তেওঁক সংগ দিব যথাক্ৰমে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে৷ প্ৰথম দুগৰাকীৰ পৰিচয় সকলোৰে জ্ঞাত যদিও প্ৰয়াত শিল্পী গৰাকীৰ সংস্পৰ্শলৈ অহা সকলৰ বাহিৰে ৰাজ্যখনৰ অধিকাংশ লোকে জানিব পৰা নাছিল কোন এই অৰুণ গাৰ্গ৷

লাখ লাখ অনুৰাগীৰ প্ৰিয় শিল্পী গৰাকীৰ অন্তিম যাত্ৰাৰ মুখাগ্নিৰ সময়ত সংগ দিয়াৰ সুযোগ পোৱা এই অৰুণ গাৰ্গ হ’ল চৰাইদেউ জিলাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ যুৱক অৰুণ চাচনী৷ যুৱক গৰাকীৰ বিষয়ে জানিবৰ বাবে আজি বাগিচাখনৰ বিভিন্ন জন লোকৰ সৈতে যোগাযোগ কৰি জনা যায় যে বাগিচাখনৰ দ’লবাগান ৰজাবাৰী অঞ্চলৰ বাসিন্দা তথা বাগিচাখনৰ এগৰাকী শ্ৰমিক গালোৱা চাচনী নামৰ লোকজনৰ কণিষ্ঠ পুত্ৰ অৰুণ চাচনী৷ সৰুতেই মাতৃহাৰা হোৱা এই অৰুণে আজিৰ পৰা প্ৰায় ১৫ বছৰ পূৰ্বে জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহি এদিন শিল্পী জুবিন গাৰ্গৰ পৰিয়ালত এগৰাকী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ পৰে আৰু কালক্ৰমত শিল্পীগৰাকীৰ পৰিয়ালৰ সদস্য হৈ পৰে ৷

লাহে লাহে তেওঁ শিল্পীগৰাকীৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত উপস্থিত থকাকে ধৰি কেমেৰাৰ পাছতো ব্যস্ত হৈ পৰে৷ শিল্পীগৰাকীৰ লগতে তেওঁৰ পত্নী গৰিমা গাৰ্গৰ সৈতে তেওঁলোকৰ কাহিলীপাৰাৰ বাসগৃহত বসবাস কৰা এই অৰুণক এদিন শিল্পীগৰাকীয়ে নকৈ উপাধি দি  নামাকৰণ কৰে অৰুণ গাৰ্গ।

সৰুসজাইত গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জনোৱাৰ সময়ত অন্তিম শয়নৰত শিল্পীগৰাকীৰ কাঁচৰ কফিনটো সময়ে সময়ে এখন কাপোৰেৰে মোহাৰি থকা আৰু হাৰ্টথ্ৰ’ব গৰাকীৰ অতি প্ৰিয় কুকুৰ কেইটাক বাসগৃহৰ পৰা সৰুসজাইলৈ আনি অন্তিম দৰ্শন কৰোৱালৈকে অৰুণে যি দ্বায়িত্ববোধৰ পৰিচয় দিলে সেই কৰ্মৰ বাবে চৰাইদেউ পৰ্বত চাহ বাগি চাবাসী আজি গৌৰৱান্বিত৷

অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ সংগীতশিল্পী গৰাকীৰ ৫২ বছৰীয়া জীৱন পৰিক্ৰমাত এখন চাহ বাগিচাৰ পৰা ওলাই গৈ দীঘলীয়া সময় ধৰি শিল্পীগৰাকীৰ নিকট সান্নিধ্যত জীৱন অতিবাহিত কৰাই নহয় শিল্পী গৰাকীৰ পৰিয়ালৰ এগৰাকী সদস্য সদৃশ হৈ অন্তিম সৎকাৰ পৰ্যন্ত অৰুণ গাৰ্গে যি নিষ্ঠাৰে সেৱা আগবঢ়ালে সেয়া প্ৰসংসনীয়৷

নিয়মীয়া বাৰ্তা, চৰাইদেউ, ২৩ ছেপ্টেম্বৰ

You might also like