নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৰাজনীতিত অহাটো কিয় নিবিচাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ   নিজৰ ভোটদান সাব্যস্ত কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় নগাওঁৰ মহামৃত্যুঞ্জয় মন্দিৰত। মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা কৰে। আনহাতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে নিজৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৰাজনীতিলৈ অহাটো নিবিচাৰে বুলি কয়।

মন্ত্ৰী গৰাকীয়ে কয় যে পুত্ৰ নন্দিল বিশ্ব শৰ্মা লকডাউনৰ বাবে আৱাসিক বিদ্যালয়ৰ পৰা আহি ঘৰতে থাকে। অহা ২-৩ মাহৰ ভিতৰত কোনবা এখন আইন বিশ্ববিদ্যালত পঢ়িব। এতিয়া ১৮ বছৰ হৈছেহে যিমান দূৰ পাৰি ৰাজনীতিলৈ নহাটো বিচাৰো। ৰাজনীতিত আহিলে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। মই মোৰ লৰা হিচাপে নিবিচাৰো ৰাজনীতিৰ জগত খনত আহক। আমি যিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো মই নাভাবো সি সিমান প্ৰত্যাহ্বানৰ গ্ৰহণ কৰিব পাৰিব বুলি।

উল্লেখ্য যে মন্ত্ৰী গৰাকীৰ পুত্ৰই প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

You might also like