নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটাধিকাৰ সাব্যস্ত কৰি কি ক’লে দীপলিনা ডেকাই…

নিয়মীয়া বাৰ্তা , ৬ এপ্ৰিলঃ “আমাৰ সমস্যা সমুহক ৰাষ্ট্ৰীয় দৰবাৰত আপোচবিহীন ভাবে উপস্থাপন কৰিব পৰা এখন চৰকাৰ বিচাৰো:” আজি মহানগৰীৰ মথঘৰীয়া আঞ্চলিক বিদ্যালয়ত ভোটদান সাব্যস্ত কৰি এই মন্তব্য কৰিলে কণ্ঠশিল্পী দীপলিনা ডেকাই।

দীপলিনাই  যুৱপ্ৰজন্মৰ এগৰাকী ভোটাৰ হিচাপে নিৰ্বাচনক লৈ কি আশা কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “প্ৰথম কথা আজি মনটো ভাল লাগিছে। গণতান্ত্ৰিক দেশত বাস কৰো যেতিয়া ভোট দিয়াটো আমাৰ অধিকাৰ। সোমবাৰে মই নামৰূপত আছিলো। ৰাতিপুৱাই ভোট দিয়াৰ বাবেই আহিছো। এগৰাকী যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে আমি খুবেই আশাবাদী। আমাৰ সমস্যাসমূহক ৰাষ্ট্ৰীয় দৰবাৰত আপোচবিহীন ভাবে উপস্থাপন কৰিব পৰা এজন প্ৰতিনিধি আৰু এখন চৰকাৰ মই বিচাৰোঁ।”

ইপিনে যুৱ প্ৰজন্মই এইবাৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰকাশ কৰি তেওঁ কয় যে ছ’চিয়েল মিডিয়া প্ৰত্যক্ষ কৰি এটা কথা স্পষ্ট যে আমাৰ যুৱপ্ৰজন্মই জানে, কাক ভোট দিব লাগে। সেইবাবে নিৰ্বাচনৰ সময়ত বা তাৰ পূৰ্বে ছ’চিয়েল মিডিয়াত যুৱপ্ৰজন্মই বিভিন্ন কথাক লৈ তুলপাৰ লগাইছে।

You might also like