নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ কঠীয়াতলীত পত্নীক নৃশংস হ*ত্যা

🔹 ‘চাৰি-পাঁচবাৰকৈ পলাই গৈছিল, সেই কাৰণে…’

নিয়মীয়া বাৰ্তা, ১৭ জুলাই : কঠীয়াতলী টুবুকী গ্ৰাণ্টত তিনি মাহ মানৰ আগতে সৰু এটা ঘৰ সাজি বসবাস কৰি আছিল ডিম্বেশ্বৰ গগৈ, পত্নী ৰমলা কোঁৱৰ আৰু এটি সন্তানে। শেহতীয়াকৈ কালি গধূলি পৰলৈ ৰমলা কোঁৱৰক পৰিয়ালৰ মানুহে দেখা নোপোৱাত বিচাৰ-খোচাৰ কৰি তলা মাৰি থোৱা ঘৰটোৰ তলা ভঙাত মজিয়াত কাপোৰৰে ঢাকি থোৱা অৱস্থাত ৰমলাৰ নিথৰ দেহ দেখা পায়। পৰিয়ালৰ লোকে শৰীৰত আঘাতৰ চিন দেখা পাই ই এক হত্যাকাণ্ড বুলি জানি কঠীয়তলী আৰক্ষীক জনোৱাত নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। অনুমান হয়- ১৫ জুলাই মানতে ডিম্বেশ্বৰ গগৈয়ে হত্যাকাণ্ড সংঘটিত কৰি তিনি বছৰীয়া সন্তানটোক লৈ পলাই যায়। প্ৰতিবেশীৰ পৰা জনা মতে, জুমৰমুৰ গাঁৱৰ আদিবাসী ছোৱালী ৰমলা কোঁৱৰক বিয়া পাতি দুয়ো দিনহাজিৰা কৰি সংসাৰ কৰি আহিছিল। ডিম্বেশ্বৰ গগৈৰ পৰিচয় প্ৰতিবেশীয়েও ভালকৈ নাজানে।  আচল ঘৰ বোকাখাতত বুলি গম পাইছে। ২৫ বছৰীয়া ৰমলা কোঁৱৰক কি কাৰণত হত্যা কৰিলে, আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। আজি মৃতদেহ দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। শেহতীয়াকৈ কঠীয়াতলী আৰক্ষীয়ে ডিম্বেশ্বৰ গগৈক গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনে। আটকাধীন ডিম্বেশ্বৰক পত্নীক হত্যা সন্দৰ্ভত সোধাত তেওঁ কয়- ‘চাৰি-পাঁচবাৰকৈ পলাই গৈছিল, সেইকাৰণে মাৰি পেলালোঁ।’
প্ৰেৰক ঘনকান্ত বৰা 
You might also like