মুৰিডকেত সন্ত্রাসবাদীক প্রশিক্ষণত ব্যস্ত লস্কৰ-ই-তৈবাৰ মুৰব্বী
🔹 অপাৰেচন সিন্দূৰৰ পিছত কেমেৰাৰ সন্মুখত হাফিজ ছৈয়দ
🔹 কুখ্যাত সন্ত্রাসবাদী হাফিজ কাৰাগাৰত থকাৰ পাকিস্তানৰ মিথ্যাচাৰ প্রমাণিত
নিউজ ডেস্ক, ১৭ জুলাই : লস্কৰ–ই–তৈবাৰ মুৰব্বী কুখ্যাত সন্ত্রাসবাদী হাফিজ ছৈয়দ কাৰাগাৰত থকা বুলি পাকিস্তানে চলোৱা মিথ্যাচাৰ প্রমাণিত হৈছে৷ অপাৰেচন সিন্দূৰৰ পিছত প্রথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ২৬/১১ মুম্বাই আক্রমণৰ মাষ্টাৰমাইণ্ড সন্ত্রাসবাদী হাফিজ ছৈয়দৰ কার্যকলাপে পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিয়াই নহয়, সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰাৰ তথ্যও পুনৰ নিশ্চিত হৈছে৷
প্রচাৰিত ভিডিঅ’ত সন্ত্রাসবাদী হাফিজ ছৈয়দে লস্কৰ–ই–তৈবাৰ ক্ষুদ্র গোটক প্রশিক্ষণ দি থকা দেখা গৈছে৷ বিশেষকৈ মুৰিডকে প্রশিক্ষণ কেম্পত হাফিজ ছৈয়দে এছাল্ট ৰাইফল লৈ সন্ত্রাসবাদীক প্রশিক্ষণ দি থকা দেখা গৈছে৷ কঠোৰ প্রশিক্ষণৰ সময়ত হাফিজ ছৈয়দে সন্ত্রাসবাদীক মন্ত্রণা দিয়াও দেখা গৈছে৷
উল্লেখ্য যে অপাৰেচন সিন্দূৰেৰে ভাৰতে পাকিস্তান আৰু পিঅ’কেত সন্ত্রাসবাদী শিবিৰ বিধ্বস্ত কৰাৰ পিছত পুনৰ নতুনকৈ শিবিৰসমূহ গঢ়ি তোলা হৈছে৷ নতুনকৈ গঢ়া মুৰিডকে শিবিৰত হাফিজ ছৈয়দৰ প্রশিক্ষণ চর্চাৰ বিষয় হৈ উঠিছে৷