নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত উদ্বেগজনকভাৱে বৃদ্ধি এইচআইভি সংক্ৰমিতৰ সংখ্যা

নিয়মীয়া বাৰ্তা,  ১০ ডিচেম্বৰ : অসম-অৰুণাচল সীমান্ত জোনাইত উদ্বেগজনকভাৱে দিনকদিনে HIV সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এনে সংক্ৰমিত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাক লৈ এতিয়া শংকিত হৈ পৰিছে জোনাইৰ সাধাৰণ জনতা। ধেমাজি জিলাৰ ভিতৰতে জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত এনে সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ এক ভয়ংকৰ তথ্য সংবাদ মেলযোগে সদৰী কৰিছে মহকুমাটোৰ চিকিৎসা বিষয়া ডা: চন্দ্ৰকান্ত মিলিয়ে। ড্ৰাগছ আসক্ত লোকৰ পৰা বেছিকৈ HIV ৰোগ সংক্ৰমিত হোৱা বুলি উল্লেখ কৰি জোনাইৰ অসম-অৰুণাচল সীমান্তৰ বিভিন্ন অঞ্চলত ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতেই এনে মাৰাত্মক ৰোগ বৃদ্ধি পোৱা বুলি সন্দেহ কৰিছে মহকুমাটোৰ চিকিৎসা বিষয়াগৰাকীয়ে। ড্ৰাগছ সেৱনকাৰীৰ মাজত এটা বেজীৰে কেইবাগৰাকীয়েও ড্ৰাগছ লোৱাৰ প্ৰৱণতাৰ ফলতেই জিলাখনৰ ভিতৰতে জোনাইত দিনকদিনে এনে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ICTCৰ পৰীক্ষাত জিলাখনৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলৰ HIV সংক্ৰমিত ৰোগীৰ ক্ষেত্ৰত প্ৰায়ভাগ যুৱচামৰ সংখ্যা চিনাক্ত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰেৰক কৰবী দলে
You might also like