নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ হোৱাটছএপ চেনেলৰ অনুগামী এসপ্তাহতে ৫০ লাখ অতিক্রম

🔹 কৃতজ্ঞতা জ্ঞাপন প্রধানমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হোৱাটছএপ চেনেলে অভাৱনীয় জনপ্রিয়তা লাভ কৰিছে৷ হোৱাটছএপ চেনেল মুকলি কৰাৰ এসপ্তাহ নৌহওঁতেই অনুগামীৰ সংখ্যা ৫০ লাখ অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ হোৱাটছএপ চেনেলৰ অনুৰাগীৰ সংখ্যা সপ্তাহ নৌহওঁতেই ৫০ লাখ অতিক্রম কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে টুইটযোগে অনুৰাগীসকলক কৃতজ্ঞতা জনাইছে৷ টুইটত প্রধানমন্ত্রীয়ে কয়– ৫০ লাখতকৈ অধিক লোকৰ সমুদায়ত পৰিণত হৈছোঁ৷ হোৱাটছএপ চেনেলযোগে যিসকলে মোৰ সৈতে সম্পর্কিত হৈছে, সকলোলৈকে মোৰ কৃতজ্ঞতা৷ ক্রমাগতভাৱে সমর্থন আৰু মোৰ সৈতে সম্পর্কিত হৈ থকা প্রতিজনক মই ধন্যবাদ জনাইছোঁ৷ এই আশ্চর্যজনিত মাধ্যমৰ জৰিয়তে আমি সম্পর্কিত হৈ থাকি বিভিন্ন বিষয়ৰ সৈতে আলোচনা অব্যাহত ৰাখিম৷ উল্লেখ্য যে বিশ্বৰ নেতা আৰু ৰাজনীতিকসকলৰ বাবে হোৱাটছএপ এক অত্যাৱশ্যকীয় সঁজুলিত পৰিণত হৈছে৷ ইয়াৰ জৰিয়তে ৰাজনীতিকসকলে সমষ্টিবাসীৰ লগতে ৰাইজৰ সৈতে প্রত্যক্ষ যোগাযোগ কৰিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও এই প্লেটফর্মৰ সুবিধা গ্রহণ কৰিছে৷ আধুনিক ৰাজনীতিত ডিজিটেল যোগাযোগ অতিকে গুৰুত্বপূর্ণ হৈ উঠাত প্রধানমন্ত্রীয়ে হোৱাটছএপ চেনেল মুকলি কৰিছে আৰু এই চেনেলে অভাৱনীয় সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বজুৰি প্রধানমন্ত্রী মোদীৰ জনপ্রিয়তা এই হোৱাটএছপ চেনেলযোগে পুনৰ প্রমাণিত হৈছে৷

You might also like