নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত, পুনৰ ভাঙিলে দুটা পৰিয়ালৰ তিনিটা ঘৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। যোৱা কিছুদিন ধৰি গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত দহিকটা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰি থকা বনৰীয়া হাতীৰ এটা জাকে দহিকটা, বৰজুলি, ঘোৰাপোটা আদি অঞ্চলত উপদ্ৰৱ চলোৱাৰ কথা জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

বনৰীয়া হাতীৰ জাকটোৱে যোৱানিশা ঘোৰাপোটাত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই ত্ৰাসৰ সৃষ্টি কৰে। নিশা বনৰীয়া হাতীয়ে গাঁওখনৰ নীলকান্ত ৰাভা নামৰ এজন লোকৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি দুটা ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ ভিতৰত থকা ধান-চাউল খাই তহিলং কৰে। ঘৰখনৰ ভিতৰত থকা সকলো বয়বস্তু গচকি, ভাঙি নষ্ট কৰে বনৰীয়া হাতীয়ে। ফলত নিশা এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় গাঁওখনত।

ইপিনে, জিলাখনৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত কন্যাকুছি সংৰক্ষিত বনাঞ্চলত বাহৰ পাতি থকা বনৰীয়া হাতীৰ আন এটা জাকে যোৱা কেইবাদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই নিদ্ৰাহৰণ কৰিছে গঞা ৰাইজৰ। বিশেষকৈ জাকটোৰ পৰা ফালৰি কাটি থকা এটা অকলশৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত। দুদিন পূৰ্বে অকলশৰীয়া হাতীটোৱে সাৰাপাৰা ফুলগুৰি আৰু চেঁচাপানীৰ হাজংপাৰাত পাঁচটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ পিছত যোৱানিশা আছামপাৰা গাঁৱৰ তৰুণ ৰামচিয়াৰীৰ এটা ঘৰ ভাঙি বৃহৎ পৰিমাণৰ ধান খাই তহিলং কৰে। ঘৰৰ ভিতৰত থকা অন্যান্য বয়-বস্তুৰো ক্ষতিসাধন কৰে বনৰীয়া হাতীটোৱে। অকলশৰীয়া হাতীটোৰ বাবে এতিয়া নিশা ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে গঞাই। যিকোনো মূহুৰ্ততে অকলশৰীয়া হাতীটোৱে অধিক ক্ষতি কৰিব পাৰে বুলি শংকিত হৈ পৰিছে অঞ্চলবাসী।

ৰাইজে অভিযোগ কৰা মতে, বিগত প্ৰায় পোন্ধৰ দিন ধৰি দহিকটা আৰু কন্যাকুছি সংৰক্ষিত বনাঞ্চলত বাহৰ পাতি থকা বনৰীয়া হাতীৰ দুটাকৈ জাকে অবিৰতভাৱে উপদ্ৰৱ চলাই আছে যদিও বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আনহাতে, এটা অকলশৰীয়া হাতীয়ে বিগত তিনিটা দিনত সাতটাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ পাছতো বন বিভাগে ন্যূনতম সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।

একাংশ ভুক্তভোগী লোকে ক্ষোভ উজাৰি কয়- গোৱালপাৰা বন বিভাগে বনৰীয়া হাতীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত লোকৰ দুৰ্দশাৰ কেতিয়াও বুজ নলয়। ইয়াৰ বিপৰীতে বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা মূল্যৱান কাঠৰ গাড়ী, বালি আৰু মাটিৰ গাড়ীৰ পিছে পিছে দৌৰি অসৎভাৱে উপাৰ্জন কৰাটো এতিয়া বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ প্ৰধান কাম হৈ পৰিছে। ৰাইজৰ জীৱন, সম্পত্তিৰ সুৰক্ষাৰ বাবে বন বিভাগৰ ন্যূনতম গুৰুত্বও নাই বুলি ক্ষোভ ব্যক্ত কৰিছে একাংশ লোকে। বন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ এনে প্ৰৱণতা কেতিয়া সলনি হব সেয়া হব লক্ষনীয়।

প্ৰেৰক জ্যোতিষ নাথ

You might also like