নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Illegal betting caseত গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়ক : ইডিৰ অভিযানত জব্দ নগদ ১২ কোটি টকা, ৬ কোটিৰ সোণ

নিউজ ডেস্ক, ২৩ আগষ্ট : শেহতীয়াকৈ মোদী চৰকাৰে অনলাইন বেটিং চক্ৰ বন্ধ কৰাৰ বাবে বিধেয়ক আনিছে। এই দ্য প্রম’চন এণ্ড ৰেগুলেচন অৱ অনলাইন গেমিং বিল–২০২৫ কালি আইনতো পৰিণত হয় ৷ কালি ৰাষ্ট্রপতি দ্রৌপদী মূর্মূৱে এই বিধেয়কত স্বাক্ষৰ কৰাৰ লগে লগে আইনত পৰিণত হয় ৷ ইয়াৰ এদিন পিছতে কৰ্ণাটক কংগ্ৰেছৰ বিধায়ক কেচি বীৰেন্দ্ৰক অনলাইন বেটিং চক্ৰ চলোৱাৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰে। শনিবাৰে ছিকিমৰ অনলাইন আৰু অফলাইন জুৱাৰ গোচৰত আৰ্থিক লেনদেনৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ বিধায়ক কেচি বীৰেন্দ্ৰক। শুকুৰবাৰে এই গোচৰত দেশৰ কেইবাখনো ৰাজ্যৰ ৩১টা স্থানত তালাচী চলোৱাৰ লগতে নগদ ১২ কোটি টকা, ৬ কোটি টকাৰ সোণ আৰু প্ৰায় ১০ কেজি ৰূপ জব্দ কৰে।

ইডিৰ তৰফৰ পৰা জনোৱা মতে, শনিবাৰে চিত্ৰদুৰ্গাৰ পৰা ৫০ বছৰীয়া বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত ছিকিমৰ ৰাজধানী গেংটকৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। ইডিয়ে তেওঁক বেংগালুৰুলৈ অনাৰ বাবে ট্ৰেনজিট ৰিমাণ্ডৰ আবেদন দাখিল কৰিছে। তদন্তকাৰীৰ মতে, অভিযুক্ত বিধায়কজনে কিং ৫৬৭ আৰু ৰাজা ৫৬৭ নামৰ দুটা অনলাইন বেটিং প্লেটফৰ্ম চলাইছিল। বীৰেন্দ্ৰ আৰু তেওঁৰ সহযোগীয়ে এটা কেচিনো লীজত ল’বলৈ গেংটকলৈ গৈছিল। তালাচী অভিযানৰ সময়ত বীৰেন্দ্ৰৰ ভাতৃ কেচি নাগৰাজ আৰু পুত্ৰ পৃথ্বী এন ৰাজৰ একাধিক ঠিকনাত তালাচী চলোৱাৰ লগতে বহুসংখ্যক নথি-পত্ৰ জব্দ কৰা হয়। ইডিৰ দাবী- বীৰেন্দ্ৰৰ আন এজন ভাতৃ কেচি থিপেস্বামীয়ে ডুবাইত অনলাইন বেটিং গেমৰ ব্যৱসায় চম্ভালি আছে।

যোৱা শুকুৰবাৰে ইডিয়ে এই অনলাইন বেটিং এপ গোচৰত বীৰেন্দ্ৰ, তেওঁৰ ভাতৃ আৰু অন্যান্য সহযোগীৰ একাধিক ঠিকনাত অভিযান চলাইছিল। ৬খন ৰাজ্যৰ ৩১টা স্থানত চলায় এই তালাচী অভিযান। তেওঁলোকৰ ৬টা কেচিনোসহ কাৰ্যালয় আৰু ঘৰতো তালাচী চলোৱা হয়। সেই অভিযানত ১২ কোটি নগদ ধন, ৬ কোটি টকাৰ সোণ, ১০ কেজি ৰূপ আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি জব্দ কৰা হয়। কেৱল সেয়াই নহয়, বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাও জব্দ কৰিছে তদন্তকাৰীয়ে।

You might also like