নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ জোঙাখুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ৮ মে’ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ জোঙাখুলিত বনৰীয়া হাতীৰ জাক এটাৰ উপদ্ৰৱ।খবৰ অনুসৰি শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পাখাৰাপাৰা, জোঙাখুলি,ডাকুৱাপাৰা আদি গাঁৱত বনৰীয়া হাতীৰ বৃহৎ জাক এটাই বিচৰন কৰাৰ ফলত স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ হৈছে।বনৰীয়া হাতীৰ এই বৃহৎ জাকটো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰবেশ কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।স্থানীয় ৰাইজে বনৰীয়া হাতীৰ জাকটোক বহুসময় ধৰি খেদাৰ ফলত হাতীৰ জাকটো ওচৰৰ বনাঞ্চলৰ ভিতৰলৈ সোমায় যায় যদিও স্থানীয় ৰাইজৰ মাজত হাতীৰ জাকটো নিশা লৈকে পুনৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিব বুলি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like