নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ বিয়াৰ আগদিনা নাবালিকাক ধৰ্ষণ : ৰূপহীহাটত পৈশাচিক কাণ্ড

🟥ন-কইনা ঘৰলৈ অনাৰ পিছতেই ৰঙাঘৰৰ আলহী যুৱক

নিয়মীয়া বাৰ্তা, ৮ মে’ : মামা-ভাগিনীৰ সম্পৰ্কক কলংকিত কৰিলে এজন যুৱকে। নিজৰ নাবালিকা ভাগিনীয়েকক বলপূৰ্বক ধৰ্ষণ। বিয়াৰ আগদিনাখন দৰা ৰূপী নৰপিশাচে সংঘটিত কৰিলে এই কাণ্ড। ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী দৰা। ফুলশয্যাৰ নিশাতেই আৰক্ষীয়ে উঠাই আনিলে বিচনাৰ পৰা। এই জঘন্য ঘটনা ৰূপহীহাটৰ শিঙিমাৰীৰ। প্ৰাপ্ত তথ্য মতে ৰূপহীহাট থানাৰ অন্তৰ্গত শিঙিমাৰীৰ ছফিৰ উদ্দিন নামৰ ৩৫ বছৰীয়া লোকজনে এই ঘৃণনীয় কাণ্ড সংঘটিত কৰে। যোৱা শনিবাৰে এগৰাকী ১৪ বছৰীয়া কিশোৰী নিজৰ জেঠীয়েকৰ ঘৰৰ এক বিয়ালৈ গৈছিল। বিবাহ আছিল ছফিৰ উদ্দিন নামৰ যুৱকজনৰ। সেইদিনা নিশাৰ ভাগত নাবালিকা কিশোৰীজনীক ফুচলাই নিশাৰ ভাগত এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয়। পিছত বিয়া ঘৰৰ পৰা কিশোৰীজনী নিজ গৃহলৈ অহাৰ পিছত এই ঘটনা পোহৰলৈ আহে। পৰিয়ালৰ লোকে ঘটনাৰ কথা গম পাই যোৱানিশা ৰূপহীহাট আৰক্ষীৰ কাষ চাপে। নিশাৰ ভাগতেই ১১টা মান বজাত ৰূপহীহাট আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগ উঠা ছফিৰ উদ্দিনক ঘৰৰ পৰা উঠাই আনি ৰঙা ঘৰৰ আলহী কৰে। আনহাতে নাবালিকা কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁওলৈ লৈ যোৱাৰ পিছত দণ্ডাশীৰ সন্মুখত কিশোৰীৰ স্বীকাৰোক্তি লৈ ষ্টেট হোমত ৰাখে বুলি জানিব পৰা গৈছে। সম্প্ৰতি ধৰ্ষণৰ অভিযোগত অভিযুক্ত ছফিৰ উদ্দিনৰ বিৰুদ্ধে পছকো আইনৰ অধীনত ১০৬ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি ৰূপহীহাট থানাত ৰখা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই ঘটনা গাপ দিয়াৰ বাবে কেইবাটাও দালাল চক্ৰ ৰূপহীহাট থানাৰ চৌপাশে ভিৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like