নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা-মন্দিয়া সংযোগী পথত দুৰ্ঘটনাত মহিলাৰ প্ৰাণহানি

🔹 অঞ্চলজুৰি শোকাকুল পৰিৱেশ

নিয়মীয়া বাৰ্তা, ৯ মে’ : বৰপেটা-মন্দিয়া সংযোগী পথৰ ভাতকুছিত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটা চহৰৰ পৰা মন্দিয়া অভিমুখে আহি থকা AS-15 AC-1123 নম্বৰৰ এখন তীব্ৰবেগী মালবাহী বলেৰʼ পিকআপ বাহনে সন্মুখৰ পৰা এখন ই-ৰিক্সাক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত তীব্ৰবেগী বলেৰʼ পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰে খোজকাঢ়ি গৈ থকা মনৰা খাতুন (৩৫) নামৰ এগৰাকী মহিলাক মহটিয়াই নিয়ে। দুৰ্ঘটনাটো ইমানেই শিহৰণকাৰী আছিল যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে মহিলাগৰাকীক পথৰ পৰা চোঁচৰাই লৈ প্ৰায় ১০ মিটাৰ দূৰত্বৰ এটা শৌচালয়ত পেলায়। স্থানীয় ৰাইজে উক্ত স্থানৰ পৰা মহিলাগৰাকীক বহু সময়ৰ অন্তত উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু ঘটে। ইফালে, দুৰ্ঘটনাটোত ই-ৰিক্সাৰ চালকগৰাকীও গুৰুতৰভাৱে হয়। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ বিৰাজ কৰে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like