নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত ব্ৰাউন ছুগাৰসহ আটক মহিলা সৰবৰাহকাৰী

ডিজিটেল ডেস্ক, আগমনি, ২০ জুন : ব্ৰাউন চুগাৰৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযান। অভিযানত ব্ৰাউন ছুগাৰসহ আটক গোলকগঞ্জ পৌৰসভাৰ এক নং ৱাৰ্ডৰ নুৰিমা খাতুন।

জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে পুৱাই মহিলাগৰাকীৰ ঘৰত তালাচী চলায়। তালাচীত ৩০ গ্ৰাম ব্ৰাউন ছুগাৰসহ মহিলাগৰাকীক আটক কৰে। দীৰ্ঘদিন ধৰি মহিলাগৰাকীয়ে অঞ্চলটোত নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

You might also like