নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূটান সীমান্তৰ ডিমাকুছিৰ ৰজাগড়ত ৰাভা দিৱস পালন

ডিজিটেল ডেস্ক, ২০ জুন : পূব ৰজাগড় সমাজ সেৱক সংঘৰ সহযোগত আৰু কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমাকুছিৰ ৰজাগড়ৰ শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহতো অতি উলহ-মালহেৰে উদযাপন কৰে ৰাভা দিৱস।

পুৱা পূব ৰজাগড় সমাজ সেৱক সংঘৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰমোদ হাজৰিকাই, কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ পতাকা উত্তোলন কৰে সভাপতি অভিজিৎ দাসে ।

পতাকা উত্তোলনেৰে আৰম্ভ কৰা ৰাভা দিৱসত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, মঞ্চ উদ্বোধন কৰে বিহু সুৰক্ষা সমিতিৰ উপ-সভাপতি মিঠু বড়ো আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন চহৰীয়াই ।

ৰাভা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত চিত্ৰাংকন প্ৰতিযোগিতা, ৰাভা সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, ৰাভাৰ ওপৰত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

প্ৰতিযোগীসকলক মানপত্ৰ, স্মাৰক আৰু নগদ ধনেৰে পুৰস্কৃত কৰে উদযাপন সমিতিয়ে। ৰাভা দিৱস উদযাপনত বৃহত্তৰ অঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষক উপস্থিত থাকে।

You might also like