ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু
ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত কৰ্মৰত অৱস্থাত বিদ্যুৎষ্পৃষ্ট হৈ অকাল মৃত্যু হয় এজন শ্ৰমিকৰ। মৃত্যু হোৱা শ্ৰমিকজন লাহোৱালৰ হেজেল বেংক চাহ বাগিচাৰ মুড়া লাইনৰ বিকি দাস বুলি জানিবলৈ দিয়ে।
মোহনবাৰী বায়ুসেনাত দীনেশ গগৈ এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান ৰ অধীনত কৰ্মৰত আছিল নিহত বিকি দাস। ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ ভুলৰ বাবেই শ্ৰমিকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে।
সমগ্ৰ ঘটনাটোক লৈ ঠিকাদাৰী প্ৰতিষ্ঠান টোৱে গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ দল সংগঠনৰ। দীনেশ গগৈ এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শ্ৰমিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত কৰাৰ উপৰি শ্ৰমিক আইন উলংঘণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি উক্ত প্ৰতিষ্ঠানটোত কৰ্মৰত হৈ আছিল বিকি দাস। কৰ্মৰত অৱস্থাতেই ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় শ্ৰমিকজনৰ। পৰৱৰ্তী পৰ্যায়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰমিক জনক প্ৰেৰণ কৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ। শ্ৰমিকজনৰ মৃত্যুক কেন্দ্ৰ কৰি উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মোহনবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।
উল্লেখযোগ্য যে, শ্ৰমিকৰ সুৰক্ষাৰ কথা চিন্তা নকৰি শ্ৰম আইন উলংঘা কৰা ঠিকাদাৰী প্ৰতিষ্ঠান ডি জি এন্টাৰপ্ৰাইজক আইনগত ব্যৱস্থা লবলৈ দাবী জনাইছে আছুকে ধৰি বিভিন্ন দল সংগঠনে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ ছেপ্টেম্বৰ