নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ অহা ২৮ মে’ত আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব। ইয়াৰ পিছতে ২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰখন।

এইবাৰৰ পৰ্যটন বৰ্ষই কাজিৰঙালৈ কঢ়িয়াই আনিছে দুটাকৈ বৃহৎ সফলতা। প্ৰথমটো হৈছে—সমগ্ৰ ২০২৫-২৬ বৰ্ষত এটাও গঁড় হত্যা নোহোৱা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপ আৰু বন বিভাগৰ তৎপৰতাৰ ফলতেই এই বৰ্ষটোক “গঁড় হত্যা শূন্য বৰ্ষ” হিচাপে সমাপ্ত কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে উদ্যানখনৰ DFO অৰুণ ভিগ্নেশে।

দ্বিতীয় বৃহৎ সাফল্য হৈছে পৰ্যটকৰ আগমনত নতুন অভিলেখ স্থাপন। চলিত পৰ্যটন বৰ্ষত ৪ লাখ ৭০ হাজাৰৰো অধিক দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে, যিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। এই অভূতপূৰ্ব পৰ্যটক সমাগমে কাজিৰঙাৰ বিশ্বজনীন আকৰ্ষণ পুনৰ প্ৰমাণ কৰিলে।

ইফালে আগন্তুক বানপানীৰ সময়ছোৱাক লক্ষ্য ৰাখি ইতিমধ্যে সষ্টম হৈ উঠিছে বন বিভাগ। বানৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কাজিৰঙাৰ কাষেৰে যোৱা ৰাজপথসমূহত এইবাৰ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি DFO অৰুণ ভিগ্নেশে জানিবলৈ দিয়ে।

বিশেষকৈ বানৰ সময়ত জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে যানবাহনৰ গতি নিয়ন্ত্ৰণ, নিৰীক্ষণ বৃদ্ধি আৰু বনকৰ্মীৰ তৎপৰতা অধিক জোৰদাৰ কৰা হ’ব বুলি বন বিভাগে প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ২৬ মে’

You might also like