নিয়মীয়া বাৰ্তা, শিলচৰ, ১৮ ছেপ্টেম্বৰ : কাছাৰ জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, এক বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰ আৰক্ষী থানাৰ অন্তৰ্গত কঁঠাল বাইপাছৰ সমীপৰ আটালবস্তিত অবৈধভাৱে ড্ৰাগছ পৰিবহণৰ বিৰুদ্ধে বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সৰবৰাহকাৰীক। লগতে এখন মাৰুতি ব্ৰিজ গাড়ী জব্দ কৰে । ধৃত ব্যক্তিজনৰ নাম হ’ল দিলোৱাৰ হোছেইন লস্কৰ, ঘৰ ধলাইৰ ৰাজগোবিন্দপুৰত।
তেওঁ আৰু কয় যে গাড়ীখনৰ তালাচীৰ সময়ত আৰক্ষীয়ে গাড়ীখনৰ ভিতৰত বিশেষভাৱে নিৰ্মিত গোপন ঠাইৰ পৰা ৪০ হাজাৰ সন্দেহযুক্ত য়াবা টেবলেট উদ্ধাৰ কৰে। অভিযানৰ সময়ত অবৈধভাৱে ড্ৰাগছ পৰিবহণৰ বাবে ব্যৱহাৰ কৰা গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা সামগ্ৰীসমূহৰ ক’লা বজাৰত মূল্য প্ৰায় ১২ কোটি টকা বুলি উল্লেখ কৰে তেওঁ।
আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জব্দ কৰে ড্ৰাগছখিনি। ইয়াৰ উপৰি ঔষধ চিনাক্তকৰণ কিটৰ দ্বাৰা কৰা পৰীক্ষাত মেথামফেটামাইনৰ পজিটিভ ফলাফল পোৱা গৈছে। প্ৰাথমিক তদন্তত মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা এই সামগ্ৰীখিনি কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত চলি থকা বুলিও তেওঁ কয়।