দুৰ্গা পূজাক লৈ গুৱাহাটীত SOP জাৰি প্ৰশাসনৰ
সমাগত দুৰ্গা পূজা। আৰু এই দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠক মহানগৰীৰ প্ৰতিখন পূজা কমিটীৰ বিষয়ববীয়া উপস্থিত থাকে। উপস্থিত থাকে মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন। বৈঠকতে সমাগত দুৰ্গা পীজাৰ বাবে আৰক্ষীৰ ফালৰ পৰা SOP জাৰি কৰা হৈছে। জাৰি কৰা এছঅপি অনুসৰি
📌প্ৰতিখন পূজা কমিটীয়ে চিচি টিভি লগাব লাগিব।
📌নিশালৈকে স্বেচ্ছাসেৱকসকল পূজাত উপস্থিত থাকিব লাগিব।
📌পূজাত নিয়োজিত স্বেচ্ছাসেৱকৰ তালিকা আৰক্ষীক দিব লাগিব।
📌প্ৰতিজন ভক্তৰ নিৰাপত্তাৰ দিশত গুৰুত্ব দিব লাগিব কমিটীসমূহে।
📌প্ৰতি পূজাতে সহায়ক কক্ষ আৰু মেডিকেল কক্ষ থকাটো বাধ্যতামূলক।
📌কোনো VIP পূজালৈ আহিলে বা আমন্ত্ৰণ কৰিলে আগতীয়াকৈ জনাব লাগিব আৰক্ষীক।
📌পূজাত ট্ৰেফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটীয়ে গুৰুত্ব দিব লাগিব।
📌সুৰাপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব।
📌পূজা কমিটীয়ে ভক্তৰ বাবে বিনামূলীয়াকৈ পানী যোগান দিব লাগিব।
📌 পূজা আয়োজনৰ নামত শব্দ প্ৰদূষণ কৰিব নোৱাৰিব।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ