নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকৰ্মা পূজা উপলক্ষে একেনিশাই পৃথকে মঞ্চস্থ দুখন ভাওনা

নিশা তেজপুৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগম তেজপুৰ আস্থানত অজস্ৰ লোক অপেক্ষাৰত। নিশা ৰৈ থকা ৰাইজ সকল কালি বাছৰ বাবে নহয়, তেওঁলোক ৰৈ আছিল তেজপুৰৰ সৈতে সংপৃক্ত হৈ থকা এটি আখ্যান স্ব- চাক্ষুস প্ৰত্যক্ষ কৰাৰ বাবে। নিশা প্ৰায় ৯ মান বজাত বাজি উঠিল শংখ ধ্বনি লগেলগে বাজি উঠে খোল তাল। প্ৰৱেশ ঘটে ৰাধা কৃষ্ণৰ।

অসম ৰাজ্যিক পৰিবহণ নিগম তেজপুৰ আস্থানত অস্থায়ীভাৱে সাজি উলিওৱা মণ্ডপ আৰু থাপনাত ধূপ দ্বিপ জ্বলাই ভাওনা অনুষ্ঠিত কৰে। বিশ্বকৰ্মা পূজা উপলক্ষে নিপন বৰুৱাৰ পৰিচালনাত  অসম ৰাজ্যিক কৰ্মচাৰী সন্থাৰ উদ্যোগত মঞ্চস্থ হয় বাণ পৰাজয় কুমৰ হৰণ ভাওনা।

গুৰুজনাৰ অন্যতম সৃষ্টি নাট ভাওনাৰ জৰিয়তে আধ্যাত্মিক পৰিবেশ গঢ়ি তোলাৰ প্ৰয়াসক সৰোগত কৰি পৰিবহন নিগমৰ কৰ্মচাৰীসকলে তেজপুৰ আস্থনত শংখ, খোল তাল ডবা দেৱবাদ্যৰ ধ্বনিৰে অন্যএক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে।নিশা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই অংশ গ্ৰহণ কৰি কৰ্মচাৰী সকলৰ প্ৰচেষ্টাক শলাগ লৈ চহৰ মাজমজিয়াত মৰ- সাহ কৰা বুলি উল্লেখ কৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ অনবদ্য অৱদান নাট-ভাওনা, ই অসমীয়া জাতীয় জীৱনৰ অন্যতম পৰিচয়  বুলি কয়।

অনুষ্ঠানত পৰিবহন নিগমৰ তেজপুৰ সংমণ্ডলৰ প্ৰৱন্ধক ভাৰ্গৱ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি বিষয়া কৰ্মচাৰী সকলক উৎসাহিত কৰে। ইফালে অসম শক্তি বিতৰণ কোঃলি তেজপুৰ সংমণ্ডলত সত্ৰীয়া সংস্কৃতিৰ সাধক দিলিপ বৰাৰ পৰিচলনাত মঞ্চস্থ হয় হনুমানৰ লংকা দাহন ভাওনা। তেজপুৰস্থিত কৰ্মচাৰীৰ লগতে অন্যান্য ভাও ভাওৰীয়া অভিনয় কৰে।

বিশেষ বাৰ্তা, তেজপুৰ, ১৯ ছেপ্টেম্বৰ

You might also like