নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত সম্ভ্ৰান্ত ঘৰত বনকৰা যুৱতীক প্ৰহাৰ

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : ৰাজ্যত সঘনে উত্থাপন হৈ আহিছে সম্ভ্ৰান্ত ঘৰত বনকৰা যুৱতীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিয্যাটন চলোৱাৰ গুৰুতৰ অভিযোগ। বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়াত তেনে এক ঘটনাৰ পোহৰলৈ আহিছে ৷ তিনিচুকীয়াত এগৰাকী বনকৰা যুৱতীক প্ৰহাৰ কৰাৰ লগতে মানসিক নিয্যাটন চলোৱাৰ অভিযোগত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ তিনিচুকীয়াৰ এগৰাকী চৰকাৰী বিষয়া হিচাপে কৰ্মৰত অৰুণভ ৰাভা নামৰ এজন লোকৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত ভুক্তভোগী যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে নিশা এজাহাৰ দাখিল কৰে ৷ ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য অনুসৰি, যুৱতীগৰাকীয়ে প্ৰায় এক বছৰৰ পৰা অৰুণভ ৰাভা নামৰ লোকজনৰ ঘৰত কৰ্মৰত আছিল যদিও সৰু সৰু কথাতে বৰ বেয়াকৈ দুই দম্পতীয়ে মাৰধৰ কৰাৰ লগতে কৰবাত গ’লে ঘৰত বন্দী কৰি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। শেহতীয়াকৈ মঙলবাৰে ভুক্তভোগী যুৱতীগৰাকীক তিনিচুকীয়া আৰক্ষীয়ে মাৰধৰ কৰাৰ বিশেষ খৱৰ লাভ কৰাত নিজাববীয়াকৈ উদ্ধাৰ কৰাৰ পাছতে যুৱতীগৰাকীক চিকিৎসা সেৱা প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে নিশা তিনিচুকীয়া সদৰ থানাত ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতে অভিযুক্ত অৰুণভ ৰাভাৰ লগতে ৰাভাৰ পত্নীক আৰক্ষীয়ে আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে আটছাৰ লগতে মহিলা সমিতিয়ে ৷ লগতে এগৰাকী যুৱতীয়ে আৰ্থিক দুৰ্বলতাৰ কাৰণে কৰবাত কাম কৰে তাৰ সুবিধা লৈ যদি এগৰাকী যুৱতীৰ ব্যক্তিগত অংশত প্ৰহাৰ কৰিব তেনে ঘটনা কেতিয়াও সহ্য কৰা নহ’ব বুলি আটছাৰ লগতে মহিলাসমিতিয়ে সৰৱ হৈ পৰে আৰু অতিসোনকালে যদি দুই দম্পতীক আটক কৰি উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে ৷

প্ৰেৰক বিবেক বড়া

You might also like