ভুৱা নিযুক্তি-পত্ৰ লৈ নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত আজি এজন যুৱকে চাকৰিত যোগদান কৰিবলৈ আহি নলবাৰী আৰক্ষীৰ হাতত আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন যুৱকজন হৈছে জিলাখনৰ বৰবিলাৰ শিশুধন দাস।
জানিব পৰা মতে, আজি পুৱাৰ ভাগত শিশুধন দাস নামৰ যুৱকজনে দিছপুৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ এখন ভুৱা নিযুক্তি-পত্ৰ লৈ নলবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পাৰ্ছনেল শাখাত কম্পিউটাৰ অপাৰেটৰ হিচাপে যোগদান কৰিবলৈ আহে।
উল্লেখ্য যে নিযুক্তি-পত্ৰৰ প্ৰথম পৃষ্ঠাত ২০২৬ চনৰ ৯ জানুৱাৰী বুলি উল্লেখ থকাৰ বিপৰীতে শেষৰ পৃষ্ঠাত অতিৰিক্ত সচিবৰ স্বাক্ষৰৰ তলপিনে ২০২৩ চনৰ ২৫ মে’ বুলি উল্লেখ আছে। লগতে নিযুক্তি-পত্ৰখনত গ্ৰেড পে’ ভুলকৈ উল্লেখ থকাৰ লগতে কেইবাটাও বানান ভুলকৈ লিখা থকাত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ সন্দেহ হয় আৰু ব্যক্তিজনৰ কথা-বতৰাৰ পৰা এই নিযুক্তি-পত্ৰখন ভুৱা বুলি একপ্ৰকাৰ নিশ্চিত হৈ বিষয়টো জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীক অৱগত কৰে।
সেইমৰ্মে সমগ্ৰ বিষয়টো শীৰ্ষ আৰক্ষী বিষয়াকো অৱগত কৰাত পৰৱৰ্তী সময়ত নলবাৰী থানাৰ আৰক্ষীয়ে যুৱকজনক আটক কৰি থানালৈ লৈ যায়। পিছত জিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা উক্ত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। আজিৰ এনে ঘটনাই জিলা আয়ুক্ত কাৰ্যালয়ৰ বাহিৰে-ভিতৰে ব্যাপক চৰ্চা লাভ কৰিছে।
বিশেষ বাৰ্তা, নলবাৰী, ২২ জানুৱাৰী :